বিধানসভাত বিধায়ক অখিল গগৈক তুলাধুনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । অখিল গগৈক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে ক’লে- ‘আপুনিয়ে একমাত্ৰ ভাল মানুহ, একমাত্ৰ মহাত্মা গান্ধী’ বিধানসভাৰ ভিতৰত আজি বিধায়ক অখিল গগৈ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত ৰাস্তা নিৰ্মাণকলৈ কথাৰ কটা-কটি হয়। সদনত অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি কয় যে,- ‘আপুনিতো ক’বই নোৱাৰে। আপোনাৰ বহু গণ্ডগোল আছে।’ লগে লগে বিধায়ক অখিল গগৈক উভতি ধৰে বিজেপিৰ সদস্যসকলে।’কমিছনৰ অংকত চলিছে গড়কাপ্তানী বিভাগ’- সদনত অখিল গগৈৰ এই মন্তব্যৰ পাছতেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

মুখ্যমন্ত্ৰীয়ে কয়, বিধানসভাৰ বাহিৰত সন্মানীয় কোনো বিধায়কে টকা লোৱা বুলি কৈছে যেতিয়া তদন্ত হ’ব লাগে। অহংকাৰ হ’লেই বিপদ ৷ আমি অহংকাৰৰ পৰা ৰক্ষা পৰিব লাগে। যোৱা পাঁচ বছৰত প্ৰতিটো সমষ্টিতে ৰাস্তাৰ কাম হৈছে।

বৰাক উপত্যকাৰ ইষ্ট ৱেষ্ট ক’ৰিডৰৰ কাম সম্পূৰ্ণ কৰিবৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰধিকৰনৰ পৰা কাৰিকৰী সহযোগ আৰু পুঁজিৰ যোগান বন্ধ কৰি ৰাখিছিল ৰহাৰ টোলগেট খন মুকলি নকৰাৰ বাবে । কিন্তু এতিয়া পুঁজি মুকলি কৰি দিছে । অখিল গগৈৰ নাম উল্লেখ নকৰাকৈ কয়, এজন ব্যক্তিৰ দম্ভালী আৰু অহমিকাৰ বাবেই বৰাক উপত্যকাৰ ৰাইজে ভাল পথ পোৱাৰ পৰা বঞ্চিত হবলগাত পৰে । মুখ্যমন্ত্ৰীয়ে গড়কাপ্তানী বিভাগে শেহতীয়াকৈ লোৱা আঁচনি বোৰৰ সম্পৰ্কে অবগত কৰে।

লগতে পঢ়ক অবাধ্য ভিনেশ ফ’গাটক কাৰণ দৰ্শোৱাৰ জাননী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply