বিধানসভাৰ বাজেট অধিৱেশনত আজি টেট পৰীক্ষাত উত্তীৰ্ণ আৰু তেওলোকৰ নিযুক্তি সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই। মুখ্যমন্ত্ৰীয়ে বিধানসভাত জনাই “টেট পৰীক্ষাত উত্তীৰ্ণ হোৱা মানেই চাকৰি পোৱা নুবুজায়৷টেট উত্তীৰ্ণ মানে চাকৰি হ’ব নোৱাৰে।শিক্ষক অসমত বহুত আছে।”

মুখ্যমন্ত্ৰী গৰাকীয়ে অসম চৰকাৰৰ ১ লাখ নিযুক্তিৰ অংশ স্বৰূপে অহা জুন মাহৰ ভিতৰত ১৬ হাজাৰ শিক্ষকক নিযুক্তি দিয়া হ’ব বুলি উল্লেখ কৰে।

নিযুক্তি পোৱা ল’ৰা-ছোৱালীবোৰে গাঁৱলৈ যাব নিবিচৰাটোও এক ডাঙৰ সমস্যা বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।
বৰ্তমান সময়ত চৰকাৰী চাকৰিয়াল বোৰে নিজৰ কৰ্মক্ষেত্ৰত নথকা বিষয়টোৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, উপায়ুক্তৰ লিখিত অনুমতি অবিহনে কৰ্মস্থলী জিলা এৰি যাব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে । কাৰ্যালয়ত অনুপস্থিতি বা কোনো অনিয়ম-দুৰ্নীতিৰ ভিডিঅ’ কৰি প্ৰেৰণ কৰিলে নিলম্বন কৰা হব কৰ্মচাৰীক ।

সংখ্যালঘু প্ৰধান সমষ্টিত কলেজ-স্কুল বঢ়াব লাগিব৷ ছাত্ৰীৰ পঢ়াত গুৰুত্ব দিব লাগিব৷স্বাধীনতাৰ অমৃত মহোৎসৱৰ কালত আমি এই কামবোৰ কৰিব লাগিব বুলি কয়, মুখ্যমন্ত্ৰীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply