গুৱাহাটী : বিত্ত মন্ত্রী অজন্তা নেওগে অসম বিধান সভাত শুকুৰবাৰে দাখিল কৰা ২০২১-২২ বৰ্ষৰ বাজেটখনক মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এখন জনকল্যাণমুখী বাজেট বুলি অভিহিত কৰে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যখনৰ বাবে আজি এক গৌৰৱৰ দিন। প্রথমবাৰৰ বাবে এগৰাকী মহিলাই বিত্ত মন্ত্রী হিচাপে বাজেট দাখিল কৰিলে। জনসাধাৰণৰ ওপৰত কোনাে অতিৰিক্ত কৰ আৰােপ নকৰাকৈ প্রায় ১.০৭ লাখ কোটি টকাৰ পূৰ্ণাংগ বাজেট দাখিল কৰি তেওঁ নিৰ্বাচনৰ পূর্বে প্রদান কৰা প্রতিশ্রুতি পূৰণৰ ৰূপৰেখা দাঙি ধৰিছে।

মুখ্যমন্ত্ৰীয়ে এনে এখন জনকল্যাণমুখী বাজেট দাখিলৰ বাবে বিত্ত মন্ত্ৰীগৰাকীক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে বাজেটখনত মাইক্রফাইনেন্সৰ ঋণ ৰেহাই, নিৱনুৱা যুৱকৰ বাবে কর্ম সংস্থাপন তথা অৰুণােদয় আঁচনিৰ হিতাধিকাৰী বৃদ্ধিৰ লগতে মাহিলী ধনৰাশিৰ পৰিমাণ এহেজাৰ টকালৈ বৃদ্ধিৰ প্রস্তাৱ আগবঢ়োৱা হৈছে। চৰকাৰখনে যি কৃষি বিপ্লৱৰ কথা কৈ আহিছে বাজেটখনত কৃষি আয়ােগ গঠনৰ জৰিয়তে সেই দিশত গ্ৰহণ কৰিবলগীয়া পদক্ষেপৰ আভাষ দিয়া হৈছে। তেওঁ কয় যে ৰাজ্যখন যাতে কৃষিজাত, উদ্যান শস্য, দুগ্ধজাত সামগ্ৰী আৰু পশুধনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হ’ব পাৰে তাৰ বাবে এই বাজেটৰ জৰিয়তে প্রয়াস কৰা হৈছে।

ৰাজ্যৰ প্ৰতিটো অংগনৱাড়ী কেন্দ্ৰত বিদ্যুৎ সংযােগ স্থাপন কৰা, গ্রামাঞ্চলত এহেজাৰ খনকৈ চিকিৎসালয় আৰু ৫ খন নতুন চিকিৎসা মহাবিদ্যালয় নির্মাণ সম্পর্কে দাঙি ধৰা প্ৰস্তাৱ যুগান্তকাৰী বুলি মুখ্যমন্ত্রী শর্মাই কয়। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে সাম্প্রতিক ক’ভিড কালীন পৰিস্থিতিত ডিজিটেল ক্ষেত্ৰখনত দেখা দিয়া বৈষম্যই শৈক্ষিক ব্যৱস্থাটোক পংগু কৰি তােলাৰ উপক্ৰম হৈছিল। সেই দিশৰ প্রতি লক্ষ্য ৰাখি ৰাজ্যৰ দৰিদ্ৰ শ্ৰেণীৰ প্রায় ৮ লাখ ছাত্র-ছাত্রীক বিনামূলীয়া স্মার্ট ফোন প্রদানৰ বাবে কৰা বাজেট ঘােষণাই ডিজিটেল বৈষম্য হ্রাস কৰিবলৈ সক্ষম হ’ব। বাজেটখনত ৰাজহ সংগ্ৰহৰ বাবে গ্রহণ কৰা পদক্ষেপসমূহৰাে মুখ্যমন্ত্রী শর্মাই শলাগ লয়।

লগতে পঢ়ক : আফগানিস্তানত নিহত পুলিৎজাৰ বিজয়ী ভাৰতীয় ফটো সাংবাদিক ডানিশ চিদ্দিকি

ইফালে বাজেটখনকলৈ অসন্তুষ্টি প্ৰকাশ কৰে বিৰোধীয়ে। বাজেট সম্পৰ্কত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে বাজেটখনত বছৰটোৰ বা পাঁচ বছৰৰ পৰিকল্পনা সঠিকভাৱে প্ৰকাশ পোৱা নাই। নিৰ্বাচনৰ পুর্বে বিজেপিয়ে অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত ২১৭০ টকা বৃদ্ধি কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল কিন্তু বাজেটখন তেনে ধৰণে নহ’ল। ৰকিবুল হুছেইনে বাজেট সন্দৰ্ভত কয় যে এইবাৰৰ বাজেট হতাশাজনক, আশা কৰা মতে বাজেট হোৱা নাই। বাজেটখনত মূল্যবৃদ্ধি হ্ৰাসৰ কোনো ব্যৱস্থা নাই। ক’ভিডৰ সময়ত দুখীয়াৰ সকাহ হোৱা কোনো কথা উল্লেখ নাই বাজেটখনত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply