নতুন দিল্লীত অনুষ্ঠিত আই বি এ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ৭৫ কিলোগ্ৰামফাইনেলত দুবাৰকৈ কমনৱেলথ গেমছৰ পদক বিজয়ী অষ্ট্ৰেলিয়ান বক্সাৰ কেটলিন পাৰ্কাৰক ৫-২ গ’লৰ বিভাজনৰ সিদ্ধান্তৰে পৰাজিত কৰে অসম জীয়ৰী লভলিনাই বৰগোঁহায়ে ।
টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰা লভলিনা বৰগোঁহায়ে ২৬ মাৰ্চত বিশ্ব চেম্পিয়নশ্বিপত প্ৰথমটো স্বৰ্ণ পদক জয় কৰি সাফল্য অৰ্জন কৰাৰ পিছত অসম চৰকাৰে বুধবাৰে চেম্পিয়ন বক্সাৰ লভলিনা বৰগোহাইনৰ বাবে ৫০ লাখ টকাৰ পুৰস্কাৰ আগবঢ়ায়। অসম বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে।
লগতে মুখ্যমন্ত্ৰীয়ে লভলিনালৈ অভিনন্দন জনাই টুইটাৰযোগে লিখে, “লভলিনালৈ বহু অভিনন্দন আমি সকলোৱে ইমান ৰোমাঞ্চিত হৈছো। আপোনাৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে মোৰ শুভেচ্ছা আৰু আশীৰ্বাদ।”
এই বিজয়ৰ সৈতে, লভলিনা বৰগোহাঁইয়ে চলিত বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ভাৰতক মুঠ চাৰিটা সোণৰ পদক প্ৰদান কৰিছে।