শেহতীয়া কোৰোনা পৰিস্থিতিক লৈ আজি মুখ্যমন্ত্ৰীৰ আহ্বানত গুৱাহাটীত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায় ।
অসম চৰকাৰৰ উচ্চপদস্থ বিষয়াবৰ্গৰ লগতে ভাৰতীয় সেনা, ইণ্ডিয়ান এয়াৰফ’ৰ্চ, বি এছ এফ, চি আই এছ এফ, এন ডি আৰ এফ, এছ এছ বি, চি আৰ পি এফ, ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণ, অ’ এন জি চি, অইল, আই অ’ চি এল, এন এফ ৰে’লৱে আৰু গুৱাহাটী ৰিফাইনেৰীৰ উচ্চপদস্থ বিষয়াবৰ্গৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ।
এই বৈঠকত ক’ভিড-১৯ৰ এই প্ৰতিকূল সময়ত সকলোকে ঐক্যবদ্ধ হৈ জনগণৰ সুৰক্ষাৰ স্বাৰ্থত নিষ্ঠাৰে কেনেদৰি কৰ্মপন্থা হাতত লৈছে সেই সম্পৰ্কে আলোচনা হয় ।
বৈঠকত সন্মিলিত প্ৰচেষ্টাৰেহে ক’ভিড-১৯ মহামাৰীৰ বিপক্ষে কেনেদৰে পৰাজিত কৰিব পাৰি সেই সম্পৰ্কেও আলোচনা হয়।