জিলা উপায়ুক্ত সকলৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

ক’ভিড-১৯ৰ জটিল পৰিস্থিতিৰ বাবে আজি ভিডিঅ’ কনফাৰেন্সযোগে অসমৰ জিলাসমূহৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, চিকিৎসা মহাবিদ্যালয়সমূহৰ অধ্যক্ষ, স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়াবৰ্গৰ লগতে অন্যান্য বিষয়ববীয়াৰ সৈতে সামগ্ৰিক অৱস্থাৰ পৰ্যালোচনা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।

হস্পিতালসমূহ নিয়মিতভাৱে পৰিদৰ্শন কৰি ক’ভিড-১৯ ব্যৱস্থাপনাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সবিশেষ বুজ লোৱাৰ লগতে প্ৰয়োজনীয় ঔষধৰ দাম যাতে সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণত থাকে, তাৰ প্ৰতিও লক্ষ্য ৰাখিবলৈ উপায়ুক্তসকলক নিৰ্দেশ দিয়ে।

তদুপৰি, জিলাসমূহত ব্যাপকভাৱে সজাগতা বৃদ্ধি কৰাৰ লগতে ক’ভিড-১৯ৰ সাম্প্ৰতিক অৱস্থা সন্দৰ্ভত জনসাধাৰণক সবিশেষ অৱগত কৰিবলৈও বিষয়াবৰ্গক নিৰ্দেশ দিয়ে ।

সাপ্তাহিক বজাৰসমূহ ছেনিটাইজ কৰাৰ উপৰিও চাহ বাগিচা এলেকাত জনসচেতনতা বৃদ্ধিৰ বাবে যাৱতীয় পদক্ষেপ ল’বলৈ বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰে ।

আনহাতে, কোনোপধ্যেই যাতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নহয়, তাৰ বাবে চেম্বাৰ্ছ অৱ কমাৰ্চৰ সৈতে সঘনাই আলোচনা কৰিবলৈও বিষয়ববীয়াক কোৱা হৈছে।

তদুপৰি, এই জটিল পৰিস্থিতিত জিলাসমূহত যাতে নিয়মীয়াকৈ বিদ্যুৎ যোগান অব্যাহত থাকে, তাৰ বাবে এ পি ডি চি এল-ৰ সৈতে আলোচনা কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply