ৰাজ্যত কোৰোনা ভয়াৱহ ৰূপে সংক্ৰমণ হোৱালৈ চাই মুখ্যমন্ত্ৰীৰ সৈতে জৰুৰী বৈঠকত মিলিত হয় ৰাজ্যচৰকাৰৰ বিষয়সকল ।
মহানগৰীৰ ব্ৰহ্মপুত্ৰ গেষ্ট হাউচত মুখ্যমন্ত্ৰীয়ে আহ্বান কৰা অনুষ্ঠিত জৰুৰী বৈঠক অংশ লয় মুখ্য সচিব জিষ্ণু বৰুৱা, স্বাস্থ্য বিভাগৰ প্ৰধান সচিব সমীৰ সিনহা, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত কামৰূপ মেট্ৰ’ৰ উপায়ুক্ত বিশ্বজিত পেগু , আৰক্ষী কমিচনাৰ মুন্না প্ৰসাদ গুপ্তা সহ বহু গৰাকী জ্যেষ্ঠ বিষয়া।
বৈঠকত ৰাজ্যৰ শেহতীয়া কোৰোনাকালীন পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰা হয়।
বৈঠকত অংশ লয় স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাও।
বৈঠকত শেহতীয়া ক’ভিডৰ পৰিস্থিতিক লৈ নতুন প্ৰট’কল বনোৱাৰো সিদ্ধান্ত লয়।
কাইলৈ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ যুটীয়া সংবাদমেলত নতুন নীতি নিয়মৰ কথা ঘোষণা কৰিব ।
বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে লকডাউন সম্পৰ্কে কয়, তেনে পৰিস্থিতি হ’ব পৰা পৰিবেশ সৃষ্টি নকৰিবলৈ ৰাইজলৈ আহ্বান জনাই।
স্বাস্থ্য বিভাগে জাৰি কৰা গাইড লাইন মানি চলিবলৈও আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে ।মাস্ক পৰিধান কৰাৰ উপৰিও চৰকাৰী নীতি-নিৰ্দেশনা সুচাৰুৰূপে মানি চলিবলৈ জনগণক আহ্বান।