অপহৃত ৰিতুল শইকীয়াৰ বাসগৃত মুখ্যমন্ত্ৰী

আজি পুৱাই তিতাবৰৰ ৰিতুল শইকীয়াৰ ঘৰত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ২১ এপ্ৰিলৰ পৰা অপহৃত হৈ আছে ৰিতুল শইকীয়া ।
তিতাবৰৰ ৰিতুল শইকীয়াৰ ঘৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে পৰিয়ালৰ সকলোকে লগ ধৰি ৰিতুল শইকীয়াক ঘুৰাই অনাত আশ্বাস প্ৰদান কৰে ।

পৰিয়ালটোৰ সৈতে মত বিনিময় কৰে | অপহৃত ৰিতুল শইকীয়া সুস্থ হৈ আছে । ভাৰত ম্যানমাৰ সীমান্তত আছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে । মধ্যস্থতাকাৰীৰ যোগেদি এই খবৰ লীভ কৰা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ।

আলফাৰ শেহতীয়া যুদ্ধবিৰতী সম্পৰ্কে আশাৰ ৰেঙণী বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, চৰকাৰে তেওলোকৰ সৈতে যুদ্ধবিৰতী ঘোষণা কৰা নাই । পৰেশ বৰুৱাক আলোচনালৈ উভতি আহিবলৈ পুনৰ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে ।

মুখ্যমন্ত্ৰীৰ সৈতে সাংসদ তপন গগৈ, পল্লব লোচন দাস, কামাখ্যা প্ৰসাদ তাছা আৰু স্থানীয় বিধায়ক ভাস্কৰ জ্যোতিবৰুৱাও অপহৃত ৰিতুল শইকীয়াৰ উপস্থিত থাকে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply