গুৱাহাটীঃ ওপজা দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জীৱনৰ আদিপাঠ গ্ৰহণ কৰা এল পি স্কুলখনত উপস্থিত হৈ অভিভূত হৈ পৰে।
১৯৭৫ চনৰ পৰা ১৯৭৮ চনলৈ মুখ্যমন্ত্ৰীগৰাকী পঢ়িছিল গান্ধীবস্তি মজলীয়া বিদ্যালয়ত। মুখ্যমন্ত্ৰীয়ে বিদ্যালয়খনত কেক কাটি জন্মদিন উদযাপন কৰে।
লগতে পঢ়কঃ৫৪ বছৰত ভৰি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
বিদ্যালয়খনৰ পূৰ্বৰ নাম আছিল নতুন শৰণীয়া প্ৰাথমিক বিদ্যালয়। এই বিদ্যালয়খনত প্ৰথম শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীলৈ পঢ়িছিল হিমন্ত বিশ্ব শৰ্মাই। তৃতীয় শ্ৰেণীত ৰোল নম্বৰ আছিল ৬ ।
শিক্ষানুষ্ঠানখনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৩ কোটি টকাৰ অনুদান ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীৰ।