গুৱাহাটী– মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত দলৰ বহুকেইগৰাকী নেতা-কৰ্মীৰ সৈতে উপস্থিত থাকে। এই উপলক্ষে আয়োজিত সভাত ভাষণ প্রদান কৰি কয় যে ২০১৬ চনত বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰখনে যি প্রতিশ্ৰুতিৰে শাসন ক্ষমতাত অধিস্থিত হৈছিল যোৱা ৫ বছৰে সততা আৰু নিষ্ঠাৰে সেই প্রতিশ্ৰুতিসমূহ বাস্তৱত ৰূপায়ণ কৰিলে।

অসমত বসবাস কৰা প্ৰতিটো প্ৰান্তৰ জনসাধাৰণে ইয়াৰ সুফল লাভ কৰিবলৈ সক্ষম হৈছে ।

মুখ্যমন্ত্ৰীয়ে কয় যে পাটাছাৰকুছি অঞ্চল বৌদ্ধিক দিশত শক্তিশালী। পূৰ্বৰ চৰকাৰসমূহে অসমৰ

ৰাইজক বাৰাম্বাৰ প্রতাৰণা কৰিছিল বুলি উল্লেখ কৰি তেওঁ কয় যে তেওঁলোকে প্ৰতিশ্ৰুতি প্রদান কৰিছিল যদিও সেই প্ৰতিশ্ৰুতি পালন কৰাৰ কোনো নজিৰ নাই।

ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে মৰাণৰ খোৱাং, টিংখাঙৰ লেঙেৰী আৰু সোণাৰী সমষ্টিৰ সাপেখাতীত অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক বিপুল ভোটৰ ব্যৱধানত জয়যুক্ত কৰিবলৈ আহ্বান জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply