নিউজ ডেস্ক– বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিহপুৰীয়া সমষ্টিৰ বিজেপি প্ৰাৰ্থী ড” অমিয় কুমাৰ ভূঞাৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লয়।সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছৰ শাসন কালত ভাষাৰ নামত, গোষ্ঠীৰ নামত, সম্প্ৰদায়ৰ নামত সংঘৰ্ষ সৃষ্টি কৰাৰ ফলত বহু নিৰীহ জনসাধাৰণে প্রাণ বিসৰ্জন দিবলগীয়া হৈছিল ।

কংগ্ৰেছে বিভাজন নীতিৰ দ্বাৰা অসমৰ সমাজ জীৱন দুৰ্বল কৰি পেলাই দুৰ্নীতি, ভ্ৰষ্টাচাৰৰ জৰিয়তে শাসন ব্যৱস্থা কলুষিত কৰি জনসাধাৰণক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰিছিল।

কংগ্ৰেছ প্রতিশ্রুতি দিয়ে কেৱল প্ৰতাৰণা কৰাৰ বাবে। কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে প্রতিশ্ৰুতি দিয়ে কেৱল নিষ্ঠাৰে ইয়াক পালন কৰাৰ বাবে।

কংগ্ৰেছ দলে বাংলাদেশী অনুপ্ৰবেশকাৰী আনি বিভিন্ন জিলাত সংস্থাপিত কৰিছিল। ইয়াৰ লক্ষ্য আছিল ভোট বেংক গঢ়ি তোলাৰ।

অবৈধ বিদেশীৰ ভোটেৰে বাৰম্বাৰ ক্ষমতা দখল কৰাটোৱে আছিল কংগ্ৰেছৰ মূল লক্ষ্য।

কংগ্ৰেছে অনা বিদেশীৰ বাবেই অসমৰ জনসাধাৰণে ১৯৭৯ চনত অসম আন্দোলনৰ সূচনা৷ কৰাৰ বাবে বাধ্য হৈছিল। সেই আন্দোলন নিঃশেষ কৰাৰ বাবে কংগ্ৰেছে আন্দোলনকাৰীৰ ওপৰত গুলীচালনা কৰি বহু সংখ্যক নিৰীহ লোকক মৃত্যুৰমুখলৈ ঠেলি দিছিল।

অবৈধ বিদেশীসকলক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে কংগ্ৰেছে আইএমডিটি আইন আনিছিল। কিন্তু মহামান্য উচ্চতম ন্যায়ালয়ে এই আইএমডিটি আইন বাতিল কৰাৰ পিছতে অসম বিৰোধী বিভিন্ন সংগঠনে মিলিত হৈ বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফ দলৰ জন্ম দিছিল।

কিন্তু আজি সেই এআইইউডিএফ দলে কংগ্ৰেছৰ সৈতে মিলিত হৈছে। তেওঁলোকৰ লক্ষ্য হৈছে পুনৰ লাখ লাখ বিদেশী আনি বিভিন্ন জিলাত সংস্থাপিত কৰা। লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে পুনৰ ক্ষমতাত অধিস্থিত হ’লে অসমৰ ২৬ হাজাৰখন গাঁৱকে আদৰ্শ গাঁও হিচাপে প্ৰতিষ্ঠিত কৰাৰ দিশত দৃঢ় সংকল্প লৈছে।

মুখ্যমন্ত্ৰী গৰাকীয়ে আজি গহপুৰ, চতিয়া আৰু তেজপুৰত বিজেপি আৰু ইয়াৰ মিত্ৰজোঁটৰ প্রাৰ্থীসকলৰ সমৰ্থনত আয়োজিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ৰাজ্যখনৰ ক্ষিপ্ৰ উন্নয়নৰ স্বাৰ্থত বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক বিপুল ভোটত জয়যুক্ত কৰাৰ বাবে আহ্বান জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply