গুৱাহাটী- মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মৰিয়ণী বিধান সভা সমষ্টিৰ ৰমণী তাঁতী আৰু তিতাবৰ বিধানসভা সমষ্টিৰ হেমন্ত কলিতাৰ হৈ নিৰ্বাচনী সভাত প্ৰচাৰ কৰি যোৰহাট বিধান সভা সমষ্টিত নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰে।
এই যাত্ৰাত সংগ দিয়ে যোৰহাট লোক সভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে। জনসভাত অংশ লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে সমবেত ৰাইজক উদেশ্য কয় যোৰহাট বিধান সভা সমষ্টিত থকা মুঠ ,১ লাখ ৮২ হাজাৰ ভোটাৰ আছে,ইয়াৰ ভিতৰত ১ লাখ ৩০ হাজাৰ ভোটত প্ৰাৰ্থীগৰাকীক জয় কৰিবলৈ আহ্বান জনায়।
ৰাজ্য খনৰ বিগত সময়চোৱাত শাসন ব্যৱস্থা পৰিষ্কাৰ কৰা হল,চাকৰি বাকৰি কাৰণে কোনো যুৱক যুৱতীয়ে ঘোচ দিব নলগা হল,যাৰ ফলত ৰাইজৰ মাজত নতুন সদভাৱনা জাগি উঠিছে।
কংগ্ৰেছৰ দিনত ১৫৬ খন অবৈধ চেক গেট পাতি ধন সংগ্ৰহ কৰিছিল। বিজেপি দলে চৰকাৰ গঠন কৰি এই ১৫৬ খন চেকগেট বন্ধ কৰি দিয়া হল। দুৰ্নীতিত লিপ্ত সকলো বিষয়া কৰ্মচাৰীক ৰঙাঘৰৰ বাট দেখোৱা হ’ল।
বিজেপি চৰকাৰে দিয়া প্ৰতিশ্ৰুতি দিছিল সেইয়া সম্পূৰ্ণ কৰা হল।
ভাৰত বাংলা সীমান্তত ৪৮ কিলোমিটাৰ নদীৰ ওপৰত ইজৰাইলৰ পৰা ছেন্সৰ দ্বাৰা ফেন্সিং দিয়া হল বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।ৰাজ্য খনৰ পুনৰ উন্নয়ন সাধন কৰিবলৈ পুনৰ বিজেপি দলক চৰকাৰ গঠনত আৰ্শীবাদ বিচাৰিলে মুখ্যমন্ত্ৰীয়ে।