নিউজ ডেস্কঃ মাজুলীত ভাগিনসকলৰ সৈতে একেলগে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

লোকেল মুৰ্গী, ভেদাইলতাৰ জোল, লোকেল মাছেৰে মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে ভাগিন হ’তে গ্ৰহণ কৰিলে দুপৰীয়াৰ আহাৰ।

নিৰ্বাচনৰ পূৰ্বে মাজুলী ভ্ৰমন কৰোঁতে মাজুলীৰ কেইজন মান ভাগিনক একেলগে এসাজ খোৱাৰ প্ৰতিশ্ৰুতি দিছিল হিমন্ত বিশ্ব শৰ্মাই। সেয়ে প্ৰতিশ্ৰুতি ৰাখিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।

আৰু পঢ়কঃতিনিচুকীয়াত এম্বুলেন্স সেৱা মুকলি

মামাৰ সৈতে একেলগে আহাৰ গ্ৰহণ কৰি উৎফুল্লিত হৈ উঠিল মাজুলীৰ ভাগিনসকল। ভাগিন সকলক গুৱাহাটীলৈ ফুৰাবলৈয়ো আনিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিলে।

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিচাবে দায়িত্ব লোৱাৰ পিছত প্ৰথমবাৰৰ বাবে মাজুলীত উপস্থিত হ’ল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।

কোৰোনাকেন্দ্ৰিক পৰিস্থিতিক লৈ জিলা প্ৰশাসনৰ বিষয়া বৰ্গৰ সৈতে বৈঠকত মিলিত হ’ল মুখ্যমন্ত্ৰীগৰাকী।

মাজুলীৰ ৩খন সত্ৰত উপস্থিত হৈ আশীষ ল’লে মুখ্যমন্ত্ৰীগৰাকীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply