গুৱাহাটীঃ ‘এখনেই বিদ্যালয় স্থাপন কৰক যিখন বিদ্যালয়ত পঢ়িবৰ বাবে লৰা ছোৱালীৰ পিতৃ-মাতৃয়ে ৰাতি ২বজাৰ পৰাই নামভৰ্তিৰ বাবে লাইন পাতিব লাগে।’ আজি ৬১সংখ্যক শিক্ষক দিৱস উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ আন্তঃজাৰ্তিক প্ৰেক্ষাগৃহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ বহুকেইটা গুৰুত্বপূৰ্ণ দিশ অৱগত কৰে।
মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, ‘ৰাইজে এলাগীৰ চকুৰে চোৱা ৫খন বিদ্যালয় আমাক এটা কিলোমিটাৰৰ ভিতৰতে নালাগে। ১কি.মি ভিতৰত এখনকৈ এলপি স্কুল আৰু ৫কি.মি ভিৰতৰ এখনকৈ হাইস্কুল থাকিব লাগে । যিখন প্ৰাথমিক বিদ্যালয় থাকিব সেইখন পূৰ্ণাংগ প্ৰাথমিক বিদ্যালয় হ’ব লাগিব। ২০জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে ১জনলৈ শিক্ষক থাকিব লাগিব।’ এই সন্দৰ্ভত শিক্ষামন্ত্ৰীক নজৰ দিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে।
আনহাতে, এখন স্কুলত ৩৫জন ভাল শিক্ষাৰ্থী আছে কিন্তু তাত ভাল শিক্ষক এজনো নাই আনহাতে কোনোবা স্কুলত যদি শিক্ষক-শিক্ষয়িত্ৰী ৩৫জন ছাত্ৰ ৫জন তেনেকুৱা হ’ব নোৱাৰে। তেনে ক্ষেত্ৰত ৩৫০ জন ছাত্ৰ-ছাত্ৰীৰ মাজত এই শিক্ষক কেইজনক বিতৰণ কৰি দিবলৈ শিক্ষামন্ত্ৰীক আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে।
লগতে তেওঁ কয়, ‘আমাক য’ত স্কুল লাগে তাত চৰকাৰে মুকলিভাৱে বিদ্যালয় খুলিব লাগে কতো কৃপণালি কৰিব নালাগে। যোৱা বছৰ আমি চাহবাগিছা অঞ্চলত ১০০খন হাইস্কুল খুলিলো আৰু ১০০খন হাইস্কুল আমি এইবছৰ চাহবাগান অঞ্চলত স্থাপন কৰিম। যত শিক্ষাৰ্থী আছে তাত বিদ্যালয় হ’ব লাগিব। য’ত বিদ্যালয় আছে তাত শিক্ষাৰ মানদণ্ড উন্নত কৰিব লাগিব।এই ধৰণৰ উন্নতিৰ জৰিয়তেহে আমি আমাৰ বিদ্যালয়সমূহত এটা নতুন শিখৰলৈ লৈ যাব পাৰিম।’
‘২০১১চনৰ পৰা অসমত ২লাখ শিক্ষক নিযুক্তি দিয়া হৈছে। প্ৰাদেশীকৃতই হওক বা নতুন নিযুক্তিয়েই হওক ভাৰতৰ কোনো ৰাজ্যতে ১০বছৰত ২লাখ শিক্ষক নিযুক্তি হোৱা নাই। ৰাজহুৱা শিক্ষা ব্যৱস্থা আৰু যোৱা ১০বছৰত আটাইতকৈ বেছি ইনভেষ্টমেন্ট হৈছে শিক্ষাৰ ওপৰত মাতৃভাষাৰ অনুষ্ঠানবোৰৰ ওপৰত। ‘
মুখ্য়মন্ত্ৰীগৰাকীয়ে ভেন্সাৰ স্কুলসমূহৰ সন্দৰ্ভত কয়, ‘ৰাজ্যত য’তে ত’তে নিৰ্মাণ কৰা ভেন্সাৰ বিদ্যালয়সমূহে আমাৰ শিক্ষাৰ গুণগত মানদণ্ডৰ ওপৰত হেঙাৰ হিচাপে থিয় দিয়ে।কাৰণ আমাৰ নেছনেল এডুকেচন পলিচীয়ে হওক বা আমাৰ Right to education Act তে হওক বিদ্যালয় কেনেকুৱা হ’ব লাগে তাৰ বিষয়ে সঠিক বৰ্ণনা আছে। কিন্তু আমি তেনেকুৱা বিদ্যালয় স্থাপন নকৰি আমি মাত্ৰ টিং দুখন লৈ এখন বেৰা স্থাপন কৰি বাঁহৰ বেৰা দি কেতিয়াবা ২০বছৰৰ পাছত মোৰ স্কুলখন প্ৰাদেশীকৰণ হ’ব আৰু ২০বছৰৰ পাছত চৰকাৰে বিদ্যালয়খন বনাব।এইদৰে ৪০বছৰীয়া এটা পৰিক্ৰমাত আমি খোজ কাঢ়ো।এইয়া ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰতি অন্যায় হয়।’
সেইবাবে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত যিধৰণেৰে সামঞ্জস্য স্থাপন কৰা হয় সেই ধৰণে আন্তঃগাথঁনি স্থাপন কৰাটো গুৰুত্বপূৰ্ণ।