নিউজ ডেস্কঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মঙলবাৰে উপস্থিত হয় ডিমা হাছাও জিলাত। ৰাজ্যত বিভিন্ন প্ৰান্তত বান আৰু ভূমিস্খলনে চলাইছে ধ্বংসলীলা। বান আৰু ভূমিস্খলনৰ ফলত হোৱা এই ধ্বংসলীলাৰে ভাৰাক্ৰান্ত ডিমা হাছাও জিলাৰ সদৰ হাফলং পৰিদৰ্শন কৰি বেয়াকৈ ক্ষতিগ্ৰস্ত চৰকাৰী বাগান অঞ্চলৰ এটা পথকে ধৰি ভূমিস্খলন হোৱা অঞ্চলসমূহৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে।

লগতে ৰাইজৰ সুবিধাৰ্থে পথৰ পুনৰ মেৰামতিৰ কামসমূহ শীঘ্ৰেই সম্পূৰ্ণ কৰাৰ দিশত গুৰুত্ব প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ পৰিদৰ্শনকালত উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোছা উপস্থিত থাকে।

লগতে উপস্থিত থাকে পৰিষদৰ অধ্যক্ষা ৰাণু লাংথাছা, বিধায়িকা নন্দিতা গাৰ্লোছা, পৰিষদৰ কাৰ্যবাহী সদস্যসকল, ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, পৰিষদৰ প্ৰধান সচিব টি টি ডাউলাগপুকে ধৰি অন্যান্য লোক সকল।