বাক্সাঃ বাক্সা জিলাৰ ৰূপহীত উপনিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মা। ৩০ অক্টোবৰত হ’বলগীয়া ভবানীপুৰ সমষ্টিৰ উপনিৰ্বাচনৰ বাবে বিজেপি প্ৰাৰ্থী ফণীধৰ তালুকদাৰৰ হৈ ৰূপহীত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল’লে মুখ্যমন্ত্ৰীগৰাকীয়ে।
সভাৰ মাজতে মুখ্যমন্ত্ৰী গৰাকীয়ে ল’লে নেমু চৰবতৰ মজা। মুখ্যমন্ত্ৰী গৰাকীয়ে নিজে নেমু চেপি চৰবতৰ সোৱাদ লয়।
তলা-চাবি গোন্ধাই থাকে বাবে ফণীধৰ তালুকদাৰক বিজেপিলৈ আহিব কলোঁ বুলি উল্লেখ কৰি বিৰোধীত থাকিলে উন্নয়নত ব্যাঘাত হ’ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভাষণত কয়। ভবানীপুৰ সমষ্টিৰ উন্নয়নৰ বাবে এ আই ইউ ডি এফৰ বিধায়ক ফণীধৰ তালুকদাৰক বিধায়ক পদ ত্যাগ কৰিবলৈ আহ্বান জনাইছিলোঁ বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
লগতে পঢ়কঃদুৰ্গা পূজাৰ পিছতেই বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা
আনহাতে এই নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতিৰ বন্যা তোলে। ৰূপহীত উত্তম খেৰকটাৰীৰ স্মৃতিত সভাগৃহ নিৰ্মাণ কৰা হ’ব। ৰাষ্টা নিৰ্মাণ কৰা হ’ব, পহুমাৰাৰ গৰাখহনীয়া ৰোধ কৰা হ’ব।শালবাৰী কলেজত বিজ্ঞান আৰু বানিজ্য শাখা এপ্ৰিলৰ পৰা আৰম্ভ কৰাৰ লগতে মাইনাও বজাৰত ৩০ খন বিচনাযুক্ত চিকিৎসালয় নিৰ্মাণ আৰু বিটিআৰৰ ৰূপহীত নাৰ্চিং কলেজ স্থাপন কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। বাথৌ মন্দিৰলৈ চৰকাৰী সাহাৰ্য্য দিয়া হ’ব বুলিও তেওঁ উল্লেখ কৰে।
১০০ কোটি টকাৰে দখনা আৰু আৰনাই কিনিব অসম চৰকাৰে। ১৫ কোটি টকাৰে হেণ্ডলুম কেন্দ্ৰ স্থাপন কৰা হ’ব।
ৰূপহী আৰু চমুৱাগাতিৰ মাজত ষ্টেডিয়াম নিৰ্মাণ কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
এই নিৰ্বাচনী সভাতেই ৰঞ্জিত খেৰকটাৰীৰ নেতৃত্বত ৩০ গৰাকী লোকে বিজেপিত যোগদান কৰে।নিৰ্বাচনী সভা খনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিটিআৰৰ চীফ প্ৰমোদ বড়ো, মন্ত্ৰী ইউ জি ব্ৰহ্ম, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা উপস্থিত থাকে।