নিউজ ডেস্কঃ ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰাৰ পাছৰে পৰা ৰাজ্য়ৰ কৰ্মচাৰী সকলক নিয়মানুৱৰ্তিতা আৰু কঠোৰ পৰিশ্ৰমী হোৱাৰ বাবে সদায় আহ্বান জনাই আহিছে । মাজে সময়ে ইয়াক লৈ কঠোৰ পদক্ষেপ লোৱাও দেখা পোৱা গৈছে মুখ্যমন্ত্ৰীগৰাকীক।
মুখ্য়মন্ত্ৰীগৰাকীয়ে ফেচবুক পোষ্ট যোগে জনাই যে- সুশৃংখলিত কৰ্ম সংস্কৃতিয়ে বিকাশৰ ভেটি গঢ়ে। আজি ৰাজ্যৰ বিকাশৰ বাটত চৰকাৰী কাম-কাজসমূহ সুচাৰুৰূপে পৰিচালনা কৰি অহা জনতা ভৱনৰ কেইবাগৰাকীও বিষয়া-কৰ্মচাৰীক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ পাই আনন্দিত হৈছোঁ।
লগতে তেওঁ কয় যে- ‘তেখেতসকলৰ নিয়মানুৱৰ্তিতা আৰু কঠোৰ পৰিশ্ৰমে প্ৰতিগৰাকী কৰ্মচাৰীকে উৎসাহিত কৰিব বুলি মই দৃঢ়বিশ্বাসী।’
উল্লেখ্য যে, দিছপুৰৰ জনতা ভৱনৰ এই সম্বৰ্ধনা অনুষ্ঠান উপস্থিত মুখ্য়মন্ত্ৰীৰ লগতে কেইবাগৰাকী অসম চৰকাৰৰ মন্ত্ৰী উপস্থিত থাকে।