গুৱাহাটীঃ ওদালগুৰিত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সৌৰশক্তিৰ দ্বাৰা উৎপাদিত ২৫ মেগাৱাট সমতা সম্পন্ন প্ৰকল্পৰ শুভ উদ্ধোধন কৰে। উদ্ধোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে অসমবাসীক সম্বোধন কৰি কেইবাটাও ঘোষণা কৰে-

  • ৰাজ্যৰ বানক্ষতিগ্ৰস্ত লোকক সকলো ধৰণেৰে সহায় কৰাৰ লক্ষ্যৰে ৩০০কোটি টকা বানত ক্ষতিগ্ৰস্ত লোকক প্ৰদান কৰিব ৰাজ্য চৰকাৰে।
  • ১০অক্টোবৰৰ পৰা অৰুণোদয় আঁচনিৰ ধন ১০০০ টকাৰ পৰা ১২৫০ টকালৈ লৈ বৃদ্ধি কৰিব ৰাজ্য চৰকাৰে। ৰাজ্যৰ প্ৰত্যেক সমষ্টিত ৬০০০ পৰিয়ালে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। অৰুণোদয় পৰিয়ালৰ ঘৰৰ সন্মুখত থাকিব ছাইনবৰ্ড। প্ৰত্যেকটো অৰুণোদয় পৰিয়ালে ৰুব লাগিব এজোপাকৈ বৃক্ষ।
  • অহা ৬আগষ্টত মেট্ৰিকত ষ্টাৰ নম্বৰ পোৱা,লেটাৰ নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীক লেপটপৰ সলনি ১৬হাজাৰ টকাকৈ প্ৰদান কৰিব ৰাজ্য চৰকাৰে।
  • এইবাৰ উচ্চতৰ মাধ্যমিকত লেটাৰ নম্বৰ পোৱা ছাত্ৰ সকলক প্ৰদান কৰা হ’ব স্কুটী আনহাতে ছাত্ৰী সকলে প্ৰথম বিভাগত উত্তীৰ্ণ হ’লেই লাভ কৰিব স্কুটী।
  • বিটিআৰৰ খিলঞ্জীয়া ৰাইজক মাটিৰ পট্টা প্ৰদান। 
  • ১আগষ্টৰ পৰা আৰম্ভ হ’ব মিছন ভূমিপূত্ৰ। নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে সকলো শিক্ষাৰ্থীক বিদ্যালয়তে জিলা উপায়ুক্তই প্ৰদান পৰিব লাগিব Caste certificate
  • আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ১৩আগষ্টৰ পৰা ১৫আগষ্টৰ ভিতৰত অসমৰ প্ৰতি ঘৰে ঘৰে, ৰাজহুৱা স্থানত জাতীয় পতাকা লগোৱাৰ অনুৰোধ। ১৬টকাতে ৰেচনৰ দোকানতে উপলব্ধ হ’ব জাতীয় পতাকা।
  • প্ৰত্যেকখন জিলাত ৭৫টা বছৰৰ লগত সংগতি ৰাখি ৭৫টা সৰোবৰ খান্দিব ৰাজ্য চৰকাৰে। সৰোবৰ বোৰক অমৃত সৰোবৰ হিচাপে নামাকৰণ কৰা হ’ব।
  • ৰাজহুৱা স্থানত, চৰকাৰী কাৰ্যালয়ৰ চৌহদত ৭৫ডালকৈ বৃক্ষ ৰোপণ কৰাৰ নিৰ্দেশ। এই অমৃত বৃক্ষই জলবায়ু পৰিৱৰ্তনত কিছু পৰিমাণেও হলেও সহায়ক হ’ব।
  • বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এটা চৌহদ ওদালগুৰিত খোলাৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply