গুৱাহাটীঃ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে অবাধ বনধ্বংস যজ্ঞ। বনাঞ্চল সমূহত দুষ্কৃতিকাৰীয়ে দিন দুপৰতে মূল্যৱান গছ কাটিলেও গমে নাপায় বন বিষয়াই। দিনে নিশাই চোৰাং কাঠ সৰবৰাহকাৰীসকলে মুকলিভাৱেই কাঠ সৰবৰাহ কৰি আছে যদিও আশ্চৰ্যজনকভাৱে বন বিভাগ কুম্ভকৰ্ণ নিদ্ৰাত নিমজ্জিত হৈ আছে। বিভিন্ন ঠাইত পাহাৰৰ মাটি কাটি গৃহ স্থাপন কৰা দেখা গৈছে। কিন্তু ইমানৰ পাছতো বনবিভাগে কোনো পদক্ষেপ হাতত লোৱা নাই। বনাঞ্চল ধ্বংসকলৈ কঠোৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বনাঞ্চল পুনৰ উদ্ধাৰত নামিবলৈ বন বিভাগক সকীয়নি দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বনাঞ্চল পুনৰুদ্ধাৰৰ জৰিয়তে ৰাজ্যত সেউজ আৱৰণ বৃদ্ধি কৰিবলৈ পৰিৱেশ আৰু বন বিভাগে গছপুলি ৰোপণ, বেদখলকাৰীৰ বিৰুদ্ধে অভিযান আদি তীব্ৰতৰ কৰি তুলিব লাগিব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰতি অধিক গুৰুত্ব দি অহাৰ ফলত ৰাজ্যৰ আন বনাঞ্চলসমূহ অৱহেলিত হৈ ৰ’ল। যাৰ ফলত বনাঞ্চলসমূহত অবাধ গতিত বনধ্বংস হোৱাৰ লগতে বেদখলকাৰীসকলে এনে ঠাইত বসতি কৰি থাকিবলৈ সুবিধা পালে।

বনবিভাগে পূৰ্বৰ কৰ্মপদ্ধতি সলনি কৰি বনাঞ্চল পুনৰুদ্ধাৰৰ বাবে প্ৰতি ছমাহৰ মূৰে মূৰে প্ৰতিখন বনাঞ্চল ড্ৰোনৰ জৰিয়তে জৰীপ কৰিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ প্ৰতিখন পাহাৰ আৰু বনাঞ্চলত ড্ৰোণৰ সহায়ত নজৰত ৰখাৰো নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। গুৱাহাটীৰ পাহাৰত যাতে নতুনকৈ কোনো লোক বহিব নোৱাৰে তাৰবাবে প্ৰতিমাহে বনবিভাগক জৰীপ চলোৱাৰ নিৰ্দেশ দিছে। প্ৰকৃতাৰ্থত যিবোৰ ভূমিহীন পৰিয়ালে বনাঞ্চল দখল কৰি আছে তেনে পৰিয়ালসমূহক অন্য স্থানত সংস্থাপিত কৰাৰ বাবেও বনবিভাগক পৰিকল্পনা কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

বনধ্বংসকাৰীৰ বিৰুদ্ধে শূণ্য সহনশীল মনোভাবেৰে পদক্ষেপ লোৱাৰ ওপৰত জোৰ দি বনবিভাগক শেহতীয়াকৈ বনাঞ্চলসমূহত যি বেদখল হৈছে সেয়া শীঘ্ৰে উচ্ছেদ কৰিবলৈ নিৰ্দেশ দিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply