শক্তি বিভাগৰ অধীনৰ তিনিটা কোম্পানীৰ সৈতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় | দেওবাৰে শক্তি বিভাগৰ মন্ত্ৰী বিমল বৰাৰ উপস্থিতিত বিভাগটোৰ অধীনৰ তিনিওটা কোম্পানী ক্ৰমে এপিডিচিএল, এইজিচিএল আৰু এপিজিচিএলৰ কাম-কাজৰ পৰ্যালোচনা কৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ৷ এই পৰ্যালোচনা সভাত বহুকেইটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰে মুখ্যমন্ত্ৰী ড° শৰ্মাই ৷
চৰকাৰী কৰ্মচাৰীয়ে বিদ্যুৎ বিল নিদিয়াকৈ থাকিলে সংশ্লিষ্ট ডিডিঅ’সকলৰ জৰিয়তে কৰ্মচাৰীগৰাকীৰ দৰমহাৰ পৰা এই বিলৰ ধন কৰ্তনৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে ৷
বিদ্যুৎ চুৰিৰ গোচৰসমূহ ৰুজু কৰাৰ বাবে পূৰ্বৰ কেইখনমান থানাৰ কতৃৰ্ত্ব থকাৰ বিপৰীতে এতিয়াৰ পৰা সকলো আৰক্ষী থানাকে এপিডিচিএল আৰক্ষী থানা হিচাপে ঘোষণা কৰাৰ জাননী জাৰি কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ ৷
শক্তি বিভাগৰ তিনিওটা কোম্পানীয়ে ২০২১ চনৰ ৩১ মাৰ্চলৈকে চৰকাৰৰ পৰা গ্ৰহণ কৰা ঋণ আৰু ইয়াৰ সুতক তাৎক্ষণিকভাৱে অংশীদাৰিত্বলৈ ৰূপান্তৰকৰণ আৰু ইয়াৰ পৰৱৰ্তী সময়ত এই অংশীদাৰিত্বৰ বিপৰীতে প্ৰাপ্য লাভালাভ প্ৰদান সম্বন্ধীয় এক জাননী অতি সোনকালে জাৰি কৰাৰ বাবে বিত্ত বিভাগৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহাক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে ৷
ৰাজ্যখনত ৬৩ লাখ উপভোক্তাৰ নাম, ফোন নম্বৰ ইত্যাদি সামৰি এক উপযুক্ত ডাটাবেচ তৈয়াৰ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। যাতে এক উন্নত বিলিং চিষ্টেম গঢ়ি তুলি কোম্পানীৰ লোকচান হ্ৰাস কৰিব পৰা যায় ৷
কোম্পানীকেইটাক লাভজনক কোম্পানীৰূপে গঢ়ি তোলাৰ বাবে গুজৰাটৰ লেখীয়া প্ৰযুক্তিগত আৰ্হি গ্ৰহণৰ নিৰ্দেশ ৷
কোম্পানী কেইটাৰ মাইক্ৰ’লেভেল পৰ্যায়ত পৰ্যালোচনা কৰি লোকচানৰ কাৰণসমূহ চিনাক্তকৰণ আৰু তাক শুধৰুৱাৰ নিৰ্দেশ প্ৰদান ৷
কোম্পানীৰ ‘প্ৰফিট মেকিং চেণ্টাৰ’সমূহত ৫০০ টা ডিষ্ট্ৰিবিউশ্যন ট্ৰেন্সফৰ্মাৰ তাৎক্ষণিকভাৱে স্থাপনৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ৷
বিদ্যুৎ ক্ৰয়ৰ দায়বদ্ধতা হ্ৰাস কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী ড° শৰ্মাৰ ৷ এই ক্ষেত্ৰত চৰকাৰী বিভাগসমূহৰ অনাদায় বিলসমূহ পূৰণৰ বাবে বাজেট ব্যৱস্থাপনা কৰাৰ নিৰ্দেশ দিয়ে ৷
লগতে পঢ়ক তামুলপুৰত বৰলীয়া নৈৰ ওপৰত বাঁহৰ সাঁকো উটুৱাই নিলে বাঢ়নী পানীয়ে