নিউজ ডেস্কঃ নগালেণ্ডৰ ডিমাপুৰৰ ছুমুকেদিমাত শুকুৰবাৰে উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নগা ৰাজনৈতিক সমস্যাৰ সমাধানত NSCN (IM) আৰু ভাৰত চৰকাৰৰ মাজত বৰ্তমান সময়ত সৃষ্টি হোৱা অচলাৱস্থাৰ সন্দৰ্ভত আলোচনা কৰিবলৈ ৰাজ্যখনৰ চৰকাৰৰ কৰ কমিটীৰ আহ্বানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় ডিমাপুৰত।
নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ৰ নেতৃত্বত অনুষ্ঠিত কৰ কমিটীৰ বৈঠকখনত যোৱা ২৮ মে’ত NSCN (IM)ৰ সৈতে নগালেণ্ড চৰকাৰৰ কৰ কমিটীৰ হোৱা আন এক বৈঠকৰ সন্দৰ্ভত অৱগত কৰা হয় মুখ্যমন্ত্ৰী ড০ শৰ্মাক। উল্লেখ্য যে, কৰ কমিটীয়ে নগা ৰাজনৈতিক সমস্যাৰ সমাধানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমৰ্থন তথা NSCN (IM) আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত স্থবিৰ হৈ পৰা আলোচনা সঠিক পথত আগবঢ়াই নিবলৈ সক্ৰিয় ভূমিকা বিচাৰিছে।
উল্লেখ কৰাৰ প্ৰয়োজন যে, শুকুৰবাৰে অসমৰ মুখ্যমন্ত্ৰী তথা নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কৰ কমিটীৰ বৈঠকৰ মুখ্য উদ্দেশ্য হৈছে- বৰ্তমান সুকীয়া পতাকা আৰু সংবিধানৰ দৰে বিৰ্তকিত বিষয়ক লৈ NSCN (IM) আৰু ভাৰত চৰকাৰৰ মাজত সৃষ্টি হোৱা অচলাৱস্থা শীঘ্ৰেই দূৰ কৰা।