নিউজ ডেস্কঃ দেশত এতিয়াও শাম কটা নাই হিজাব বিতৰ্ক। প্ৰতিদিনাই হিজাব পৰিধান কৰা ছাত্ৰীক কৰ্ণাটকৰ বিদ্যালয়ত প্ৰৱেশত বাধা দিয়া, প্ৰতিবাদ সাব্যস্ত কৰা আদি পৰিলক্ষিত হৈ আহিছে। তাৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়- ‘হিজাবক লৈ কিয় বিতৰ্ক হৈছে?যদি কোনো লোকে কোৰাণ শ্বৰীফ ভালকৈ পঢ়ে তেন্তে বুজিব তাত শিক্ষাৰ ওপৰত বিশেষ গুৰুত্ব দিছে, হিজাবত নহয়। এতিয়া প্ৰশ্ন হয়- হিজাব বেছি প্ৰয়োজনীয় নে শিক্ষা…। মুছলমান লোকসকলৰ গুৰুত্বপূৰ্ণ বিষয় হৈছে শিক্ষা।’

উল্লেখ্য যে, হিজাব বিতৰ্কক লৈ ইতিমধ্যে বুধবাৰে কৰ্ণাটক উচ্চ ন্যায়ালয়ত গ্ৰহণ কৰা হয় শুনানি। এই শুনানিত মুখ্য ন্যায়াধীশ গৰাকীয়ে হিজাব পৰিধান কৰাৰ সমৰ্থনত প্ৰতিবাদ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ তৰফৰ পৰা অধিবক্তা ৰবি শৰ্মা কুমাৰে যুক্তি দাঙি ধৰে। অৱশ্যে ন্যায়ালয়ে এই সন্দৰ্ভত বৰ্তমানলৈ কোনো ৰায় প্ৰদান কৰা নাই।

কিছুদিন পূৰ্ব কৰ্ণাটকৰ উদ্দুপীত চৰকাৰী মহাবিদ্যালয়ত হিজাব পৰিধান কৰি যোৱা ছাত্ৰীক শ্ৰেণীকোঠাত প্ৰৱেশ কৰাত বাধা দিয়া হৈছিল। আৰু তেতিয়াৰে পৰা এই হিজাব বিতৰ্ক আৰম্ভ হৈছে। পাছলৈ এই বিতৰ্ক আৰু অধিক বৃদ্ধি পায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply