মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যত অহা ৭ জুনৰ পৰা সামান্য আনলক প্ৰক্ৰিয়া আৰম্ভ হ’ব৷ৰাজ্যত অহা ৭ জুনৰ পৰা সামান্য আনলক প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়,”চৰকাৰে ৫ জুনলৈকে দিয়া ক’ভিড নীতি-নিৰ্দেশনাসমূহৰ ৭ তাৰিখৰ পৰা কিছু সাল-সলনি ঘটিব পাৰে৷কিন্তু সম্পূৰ্ণ আনলক প্ৰক্ৰিয়া অহা ১৫ তাৰিখৰ ভিতৰত নহয়৷

ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা যেতিয়া দ্ৰুতগতিত কমি যাব তেতিয়া মৃত্যুৰ সংখ্যাও লাহে লাহে কমি যাব।অহা ৫-৬ দিনৰ ভিতৰত ক’ভিডত আক্ৰান্ত হৈ মৃত্যুৰ সংখ্যা নিম্নগামী হোৱা দেখা যাব।

পূৰ্বতকৈ ৰাজ্যত ক’ভিড পৰিস্থিতি কিছু হ্ৰাস হৈছে৷ইপিনে ৩ জুনৰ পৰা নাৰ্চিংহোমৰ ক’ভিড মাচুল নিয়ন্ত্ৰণ কৰা হ’ব বুলিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়৷

লগতে পঢ়ক Video: ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটী শ্ব’ত জিলিকিল অসমৰ চেফ হৰপল সিং

অসম চৰকাৰে কভিড-১৯ত পিতৃ-মাতৃ হেৰুওৱা শিশুসকলক প্ৰতি মাহে ৩,৫০০ টকা কৈ প্ৰদান কৰিব ।

গুৱাহাটীৰ অসম প্ৰশাসনিক কৰ্মচাৰী মহাবিদ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, “আমি এপিএল, বিপিএল বা চৰকাৰী কৰ্মচাৰীসকলৰ মাজত একো পাৰ্থক্য কৰা নাই। এইটো সকলোৰে বাবে এক আঁচনি।”

এই আঁচনি খনত যি সকল শিশুৱে পিতৃ-মাতৃ বা পৰিয়ালৰ মুখ্য উপাৰ্জনকাৰীক হেৰুৱালে, বা বৰ্তমান পিতৃ-মাতৃক হেৰুৱাই পৰিয়ালৰ আন সম্পৰ্কীয় লোকৰ সৈতে আছে, সেইসকল শিশুৱে প্ৰতিমাহে শিক্ষাৰ বাবে লাভ কৰিব ৩৫০০ টকাকৈ। শিশুৰ নিয়োগ নিশ্চিত নোহোৱালৈকে চৰকাৰে প্ৰদান কৰিব এই ধনৰাশি।

আনহাতে আশ্ৰয়হীন কন্যা শিশুৰ হোষ্টেলত ৰাখি পঢ়ুৱাৰ দায়িত্ব চৰকাৰে ল’ব৷ লগতে বিয়াৰ উপযুক্ত ছোৱালীসকলক এতোলা সোণৰ উপৰিও ৫০ হাজাৰ টকা দিয়া হ’ব৷

লগতে পঢ়ক পুলৱামা আক্ৰমণৰ শ্বহীদ মেজৰ বিভূতি শংকৰ ধণ্ডিয়ালৰ পত্নীৰ সেনাত যোগদান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply