নিউজ ডেস্কঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। খানাপাৰাৰ ষ্টাফ কলেজত এই সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। সংবাদমেলত পৰিবহন বিভাগক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা কৰা হয়।পৰিবহন বিভাগত ১০টা নতুন অনলাইন সেৱা মুকলিৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।
লগতে তেওঁ কয়- অনলাইনযোগে ৰাজ্যবাসীয়ে পাব পৰিবহন আৰু ফেৰী সেৱা। তদুপৰি নিশাৰ ভাগতো চলাচল কৰিব ফেৰী সেৱা সমূহ। ইফালে, উক্ত সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত পথ দুৰ্ঘটনা হ্ৰাস পোৱা বুলি উল্লেখ কৰে।
সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- যোৱা ৯ মাহত আটাইতকৈ ভাল কাম কৰা বিভাগৰ ভিতৰত পৰিবহন বিভাগ অন্যতম। মাজুলীৰ ফেৰী সেৱাত ৫৬ শতাংশ আৰু গুৱাহাটীৰ ফেৰী সেৱাত ৩২ শতাংশ ৰাজহ বৃদ্ধি পাইছে। ই-টিকেটিং কৰাৰ পাছতে এই ৰাজহ বৃদ্ধি হোৱা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।