নিউজ ডেস্ক: সদৌ অসম মটৰ পৰিবহন সংস্থাই বাছ ভাড়া বৃদ্ধি কৰিবৰ বাবে একপক্ষীয় ভাবে সিদ্ধান্ত লোৱা সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে কয়, “বৰ্তমান সময়ত বাছৰ ভাড়া বৃদ্ধি কৰা নহয় ।

ক’ভিডসৃষ্ট পৰিবেশৰ সময়ত সাধাৰন জনতাই যথেষ্ট কষ্টৰে জীৱন যাপন কৰিব লগা হৈছে, এই সময়ত বাছ ভাড়া বৃদ্ধি কৰি সেইসকল ৰাইজক আৰু বোজা দিয়াতো উচিত নহয় । সমাজ খনৰ লগত একেলগে চলো, বাছ মালিকসকলৰ লগতো আলোচনা কৰি পৰবৰ্তী সময়ত এই সম্পৰ্কে উচিত সিদ্ধান্ত লম ।”

যোৱা ১ ছেপ্টেম্বৰৰ পৰা বাছ সমূহ মুকলি কৰি দিয়াৰ পিছৰে পৰা সদৌ অসম মটৰ পৰিবহন সন্থাই প্ৰথম অবস্থাত ১০০ শতাংশ ভাড়া বৃদ্ধিৰ সিদ্ধান্ত লৈছিল । এই ক্ষেত্ৰত বিভাগীয় অনুমতি নোপোৱাৰ পিছতো বাছ সমূহে যাত্ৰীৰ পৰা অত্যধিক ভাড়া সংগ্ৰহত নামি পৰিছে ।
আনহাতে ৰাজ্য বিভিন্ন জিলাত চলাচল কৰা মিনি টেক্সি, মিনিবাছ আদিয়ে অত্যধিক ভাড়া যাত্ৰীৰ পৰা জোৰজুলুমকৈ সংগ্ৰহ কৰি আহিছে । এনফৰ্চমেণ্ট বিষয়াসকলক এইক্ষেত্ৰত কঠোৰ ব্যবস্থা লবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে ।

লগতে পঢ়ক অসমৰ উঠি অহা প্ৰজন্মক ক্ৰীড়া জগতলৈ আগবাঢ়ি আহিবলৈ আহ্বান দৌৰবিদ ভোগেশ্বৰ বৰুৱাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply