নিউজ ডেস্ক: ছিপাঝাৰৰ ঘটনাক লৈ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ হুংকাৰ বেদখল উচ্ছেদ হ’বই । এই ক্ষেত্ৰত পিছ পৰি ৰোৱাৰ কোনো কথাই নাই।
প্ৰতিবাদৰ নামত কংগ্ৰেছৰ প্ৰতিবাদৰ সম্পৰ্কত মুখ্যমন্ত্ৰীৰ মন্তব্য, ‘কংগ্ৰেছে কাপোৰ ফালিলেই মই ভয় কৰা বিধৰ নহয়’।DC আৰু SPৰ ওপৰত কংগ্ৰেছে ব্যবস্থা লোৱাৰ দাবী তোলা সম্পৰ্কত মুখ্যমন্ত্ৰীৰ মন্তব্য, ‘মোৰ নিৰ্দেশত কাম কৰিছে তেওলোকে, কংগ্ৰেছে ক’লে মই এনেও নকৰো’।
মুখ্যমন্ত্ৰীয়ে লগতে কয়, সেই সম্পৰ্কে আমছুৰ সৈতে কৰা আলোচনাত সিদ্ধান্ত হৈ সকলোৱে মানি লৈছিল ।ভূমিহীনক গাইপতি ৬বিঘাকৈ মাটি দিব চৰকাৰে। ভূমিৰ লগতে বাসগৃহও সাজি দিব ভূমিহীন লোকক। ইয়াৰ পিছত চৰকাৰী মাটিত উচ্ছেদ আৰম্ভ হৈছিল । প্ৰথমতে সকলো ঠিকেই আছিল , কিন্তু ৬০ ঘৰ মানুহ উচ্ছেদ কৰিবলৈ যাওতে দহ হাজাৰ মানুহ ক’ৰ পৰা আহিল তদন্তত সকলোবোৰ কথা ওলাব বুলি কয় মুখ্যমন্ত্ৰীয়ে ।মুখ্যমন্ত্ৰীয়ে লগতে কয় , কালিৰ গোটেই ঘটনাতো তিনিমিনিটৰ ভিজুৱেল এটাতেই সীমাবদ্ধ ৰাখিলে নহব। আৰক্ষীক আক্ৰমন কৰা সকলো ঘটনাই তদন্তত চোৱা হব ক’ত কি হৈছিল , কেনেদৰে পৰিস্থিতি ভয়ংকৰ কৰি তোলা হৈছিল ।
যিসকল ব্যক্তিৰ অন্য স্থানত মাটি নাই, তেওঁলোকক ৬ বিঘাকৈ মাটি দিম বুলি কয় মুখ্যমন্ত্ৰীয়ে ।
লগতে পঢ়ক- চৰকাৰৰ দালাল গ্ৰেপ্তাৰৰ নাটকখন আৰু কিমান দিনলৈ
গৰুখুটিত গৈ কংগ্ৰেছ আৰু AIUDF ৰ একাংশ লোকে মানুহখিনিক উচতোৱা বুলিও খবৰ লাভ কৰাৰ কথা ক’লে মুখ্যমন্ত্ৰীয়ে ।কংগ্ৰেছ অসমীয়া জাতি সত্তাৰ পৰা আঁতৰি গৈছে বুলি মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ
মুখ্যমন্ত্ৰীয়ে লগতে কয় বাঘবৰ, সৰুক্ষেত্ৰীৰ পৰা মানুহ আহি বহিবলৈ লৈছে অঞ্চলটোত, সেইবোৰক লৈ সমস্যা বাঢ়িছে চৰকাৰে উচ্ছেদ কৰি চৰকাৰী মাটি মুক্ত কৰিবই বুলি ক’লে মুখ্যমন্ত্ৰীয়ে ।
১৯৮৩ চনত এই গৰুখুটি অঞ্চলত থলুৱা মানুহক হত্যাকৰা ঘটনাৰ কোনো ব্যবস্থা নললে কংগ্ৰেছে যাৰ ফলতেই এই অবস্থা হ’ল বুলি বিৰোধী কংগ্ৰেছক সমালোচনা কৰে । বৰ্তমান বৰচলা সমষ্টি ধিং আৰু ৰূপহীহাটৰ লোকেৰে ভৰাই পেলোৱাৰ কথাও কলে মুখ্যমন্ত্ৰীয়ে । তেওৰ চৰকাৰৰ দিনতে এইবোৰ মুক্ত কৰি নললে পিছত আৰু সম্ভব নহব বুলিও উল্লেখ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৰুখুটীত বেদখল উচ্ছেদ হব বুলিয়েই স্পষ্ট কৰে ।