মুখ্যমন্ত্ৰীৰ আঠখেলীয়া নামঘৰ পৰিদৰ্শন

গোলাঘাট: পবিত্ৰ ভাদমাহৰ প্ৰথমটো দিনতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰাণকেন্দ্ৰ গোলাঘাটৰ শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰ পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় “শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰৰ ভক্তিপূৰ্ণ পৰিৱেশত উপস্থিত হ’বলৈ পাই অভিভূত হোৱাৰ লগতে নিজকে ধন্য মানিছোঁ।”

অসমৰ ভকতি ৰসৰ আধাৰ স্বৰূপ ভাদ মাহৰ পহিলা দিনটোতে অসমবাসীৰ সুখ-শান্তিৰ বাবে সেৱা আগবঢ়াই।
উক্ত ভ্ৰমণ কালতে নামঘৰৰ অন্যান্য কৰ্মকৰ্তাসকলৰ উপস্থিতিত নামঘৰ চৌহদত সেৱকীৰ অৰিহণাৰে নিৰ্মাণ কৰা এটা কাৰ্যালয় ভৱন উদ্বোধন কৰে।

ইয়াৰ লগতে ঐতিহ্যমণ্ডিত নামঘৰটিৰ উন্নয়নৰ বাবে ৫ কোটি টকাৰ অনুদান আগবঢ়োৱাৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷
মুখ্যমন্ত্ৰীৰ সৈতে বিত্তমন্ত্ৰী অজন্তা নেওগ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্ত,কৃষিমন্ত্ৰী অতুল বৰা, সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক বিশ্বজিৎ ফুকন, ভাস্কৰ জ্যোতি বৰুৱাও উপস্থিত থাকে ৷

লগতে পঢ়ক নুমলীগড় শোধনাগাৰৰ জ্যেষ্ঠ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply