ৰেজিষ্টাৰ বহীত নিজৰ নাম চাই আবেগিক মুখ্যমন্ত্ৰী

যোৰহাট : যোৰহাটৰ বাল্য ভৱনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।নিজে পঢ়া বিদ্যালয়ত উপস্থিত হৈ আবেগিক মুখ্যমন্ত্ৰী।নিজে পঢ়া বিদ্যালয়খন পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।নিজৰ নাম থকা ৰেজিষ্টাৰ বহীত লিখিলে মনৰ কথা।
নিজে পঢ়া বিদ্যালয়খনত উপস্থিত হৈ আবেগিক হৈ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছচিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰি লিখিছে যে,”মোৰ শিক্ষাজীৱনৰ কঠীয়াতলী যোৰহাটৰ বাল্য ভৱন-মোৰ বাবে এটা মধুৰ অনুভূতি। শৈক্ষিক ক্ষেত্ৰৰ উজ্জ্বল নাম, মণ্টেশ্যৰী শিক্ষাৰ বাটকটীয়া এই অনুষ্ঠানতে মই শিক্ষাজীৱন আৰম্ভ কৰিছিলোঁ।আজি বিদ্যালয়খন উপস্থিত হৈ স্বৰ্গীয় আনন্দ লাভ কৰিলোঁ।বিদ্যালয়খনৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ।”

আনহাতে, মুখ্যমন্ত্ৰী হিচাপে অসমৰ সকলো বিদ্যালয়কে চৰকাৰৰ তৰফৰ পৰা সমদৃষ্টিৰে চাব লাগে বুলি মত ব্যক্ত কৰে । সেয়েহে বাল্য ভৱনৰ উন্নয়নৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা ভাতৃকেইগৰাকীৰ সৈতে মুখ্যমন্ত্ৰীগৰাকীৰ পৰিয়ালে কৰিব বুলি জানিবলৈ দিয়ে ড০ হিমন্ত বিশ্ব শৰ্মাই। আনহাতে, মুখ্যমন্ত্ৰীগৰাকীৰ পত্নী ৰিনিকি ভূঞা শৰ্মাই যোৰহাট বাল্য ভৱনৰ উন্নয়নৰ বাবে এক কোটি টকা আগবঢ়াব বুলি বিদ্যালয় কৰ্তৃপক্ষক জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।কিন্তু বাল্য ভৱন কৰ্তৃপক্ষক এই কথা অৱগত কৰিলেও সংবাদ মাধ্যমত এই কথা ৰাজহুৱা কৰাৰ পৰা বিৰত থাকে মুখ্যমন্ত্ৰীগৰাকী। যোৰহাটৰ বাল্য ভৱন হাইস্কুলক মণ্টেছৰীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পাঠদান কৰা বিদ্যালয় ৰূপে গঢ় দিব বিচাৰিছে বিদ্যালয় কৰ্তৃপক্ষই। আৰু এই ক্ষেত্ৰত যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ যোৰহাটৰ অভিভাৱক মন্ত্ৰী ৰণোজ পেগু আৰু বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীক দায়িত্ব প্ৰদান কৰে  মুখ্যমন্ত্ৰীগৰাকীয়ে।

ভ্ৰমন কালত নিজৰ অনুভব লিখিলে মুখ্যমন্ত্ৰীয়ে

ইয়াৰ পিছতেই মুখ্যমন্ত্ৰীয়ে ১৩৮ বছৰীয়া ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালক বিদ্যালয়খন পৰিদৰ্শন কৰে । ১৮৭৬ চনত স্থাপিত উইলিয়ামছন আৰ্টিজান স্কুল আৰু নগা পাহাৰৰ পৰা স্থানান্তৰ হোৱা কহিমা হাইস্কুলক সংলগ্ন কৰি ১৮৮৩ চনত এই বিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল।
বৰ্তমান সময়ত শিক্ষানুষ্ঠানখনৰ পুৰণি ভৱনৰ নক্সা অটুট ৰাখি ইয়াৰ ঐতিহ্যৰ সংৰক্ষণ আৰু আন্তঃগাঁথনি উন্নয়নৰ কাম-কাজৰো বুজ লয় মুখ্যমন্ত্ৰীয়ে | ইতিপূৰ্বে ঘোষিত আনটাইড ফাণ্ডৰ ২ কোটি টকাৰ উপৰি ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান হিচাপে বিদ্যালয়খনলৈ ৰাজ্য চৰকাৰে অতিৰিক্ত ৩ কোটি টকা আগবঢ়াইছে ।

লগতে পঢ়ক আন্ত:জিলা বন্ধ হৈ থকাৰ মাজত কেনেদৰে চলিছে বাছসমূহ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply