টীয়ক: পৱিত্ৰ ভাদ মাহ উপলক্ষে সহধৰ্মিণী ৰিণিকি ভূঞা শৰ্মাৰ সৈতে আজি মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ গুৰুজনাৰ দ্বাৰা স্থাপিত ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত হৈ ৰাজ্যবাসীৰ কুশল-মংগলৰ অৰ্থে সেৱা আগবঢ়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰী হিচাপে ৰাজ্যৰ দায়িত্বভাৰ গ্ৰহণৰ পাছত প্ৰথমবাৰলৈ ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত হয় ৷

ঐতিহ্যমণ্ডিত ঢেকীয়াখোৱা বৰনামঘৰ দৰ্শন কালতে মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্য চৰকাৰৰ অসম দৰ্শন আৰু আনটাইড ফাণ্ডৰ অধীনত বহুতো উন্নয়নমূলক কামৰ কথা ৰাইজক জনোৱাৰ লগতে ৰাজ্য চৰকাৰে আন্তঃগাঁথনি সবলীকৰণৰ বাবে আনটাইড ফাণ্ডৰ অধীনত অতিৰিক্ত এক কোটি টকা প্ৰদান কৰাৰ কথাও আজি সদৰী কৰে ৷
বৰনামঘৰ কমিটীৰ অনুৰোধমৰ্মে ৰাজ্য চৰকাৰে ঢেকীয়াখোৱা বৰনামঘৰৰ পৰা জাঁজীমুখ সংযোগী আৰু ঢেকীয়াখোৱা বৰনামঘৰ আলিমূৰৰ মূল তোৰণৰ পৰা বৰনামঘৰ সংযোগী তিনি কিল’মিটাৰ পথ নিৰ্মাণৰ পদক্ষেপ লোৱাৰ লগতে উক্ত স্থানত মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ কলাক্ষেত্ৰ নিৰ্মাণৰ বাবে জনোৱা অনুৰোধকো গুৰুত্ব দি এই দিশত যোৰহাট জিলাৰ উপায়ুক্তক উপযুক্ত ভূমি চিনাক্তকৰণৰ বাবে নিৰ্দেশনা দিয়ে মুখ্যমন্ত্ৰীয়ে ৷

মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণকালত সতীৰ্থ মন্ত্ৰী ডাঃ ৰণোজ পেগু ,সাংসদদ্বয় ক্ৰমে কামাখ্যা প্ৰসাদ তাছা আৰু তপন কুমাৰ গগৈ , প্ৰাক্তন সাংসদ তথা ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগৰ সহঃ উপাধ্যক্ষ ৰমেন ডেকাও উপস্থিত থাকে ৷

লগতে পঢ়ক নিমাতী মাজুলী ফেৰীসেৱা উন্নত হ’বলৈ আৰু ১৫ দিনৰ প্ৰয়োজন হ’ব :মুখ্যমন্ত্ৰী

এই ভ্ৰমণকালত মুখ্যমন্ত্ৰী গৰাকীয়ে যোৰহাট জিলাৰ টীয়কৰ চটাইস্থিত শ্ৰীশ্ৰীআউনীআটী সত্ৰতো উপস্থিত হৈ ৰাজ্যবাসীৰ কুশল-মংগলৰ কামনাৰে সেৱা আগবঢ়াই ৷

লগতে সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱ গোস্বামীক সাক্ষাৎ কৰা কালত শ্ৰীশ্ৰীআউনীআটী সত্ৰৰ আধ্যাত্মিক শিক্ষাৰ নিৰ্মল বন্তি জ্বলাই ৰখাৰ উদ্দেশ্যে ইয়াৰ চৌহদতে এখন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰাৰ পৰিকল্পনা গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে । বিশ্ববিদ্যালয়খনৰ নিৰ্মাণত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আমি পূৰ্ণ সহযোগিতা আগবঢ়োৱা প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰীয়ে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply