নিমাতিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

যোৰহাট: নিমাতীঘাটত যোৱা ৮ ছেপ্তেম্বৰত হোৱা দূৰ্ঘটনাৰ পিছত পাৰাপাৰ হোৱা যাত্ৰীসকলৰ বাবে হাহাকাৰ হৈ পৰিছে । যুগ যুগ ধৰি আভ্যন্তৰীণ জল পৰিবহন বিভাগে এই ঘাটতোত ফেৰীৰে যাত্ৰীক অনা নিয়া কৰিছে যদিও নূন্যতম সা সুবিধা খিনি দিয়াত ব্যৰ্থ বিভাগটো । ব্যক্তিগত খন্ডৰ নাও সমূহৰ মালিকসকলৰ সৈতে মিতিৰালী কৰি এই ঘাটতোৰ চৰকাৰী বিষয়া কৰ্মচাৰীসকলে বিভাগটোৰ লাভজনক ব্যবস্থাটো ধ্বংসৰ দিশে ঠেলি নিছে ।

দুৰ্ঘটনাৰ পিছতে এটা ইঞ্জিন যুক্ত নাও বন্ধ কৰি দিয়াৰ ফলতেই এতিয়া চৰকাৰী ফেৰী ব্যবস্থাই ৰাইজক নূন্যতম সুবিধা খিনি দিব পৰা নাই । পুৱতীনিশাৰে পৰা খাপ পিতি থাকিও যাত্ৰীসকল পাৰ হব পৰা নাই । চৰকাৰৰ বিয়াগোম আভ্যন্তৰীণ জল পৰিবহন বিভাগটোৱে যোৱা সাতটা দিনত ৰাইজক বাৰুকৈয়ে বিপদত পেলাইছে যদিও বিভাগটো অদক্ষ্য মন্ত্ৰী আৰু বিষয়ববীয়াৰ বাবেই সম্ভব হৈ উঠাগৈ নাই ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ঘাটতো পৰিদৰ্শন কৰা কালত বৰ্তমান যাত্ৰীয়ে ভোগা সমস্যা সমূহ সমাধানৰ বাবে আৰু পোন্ধৰ দিন মান সময়ৰ প্ৰয়োজন বুলি জনাই । নিমাতীঘাটৰ পৰা মাজুলীৰ অফলামুখ আৰু কমলাবাৰী দুয়োটা ঘাটলৈ ফেৰী চলাচল কৰি আহিছে যদিও যাত্ৰী হিচাবে সেইয়া পৰ্যাপ্ত নহয় ।

লগতে পঢ়ক নিমাতীঘাটৰ নাও দূৰ্ঘটনাৰ তদন্ত কোন দিশে

মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় এতিয়াৰে পৰা ঘৰতে ফেৰীৰ টিকট সংগ্ৰহ পাৰিব ৰাইজে, মুকলি হ’ব ম’বাইল এপ – । নিমাতিঘাটত নতুনকৈ সংযোগ কৰা হ’ব ৬ খনকৈ অতিৰিক্ত জাহাজ । CCTVৰে গুৱাহাটীৰ পৰাই নিৰীক্ষণ কৰা হ’ব মাজুলীৰ ঘাট। নিমাতিত ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। নিমাতীঘাটত উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ ঘোষণা ১৫ দিনৰ ভিতৰত অতিৰিক্ত ছয় খন জাহাজ নিমাতিত সংযোজিত হব। পৰহিলৈ দুখন নিমাতি ঘাট পাবহি, আৰু অতিৰিক্ত দুখন জাহাজ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে পঠোৱাৰ কথা কৈছে ।

নিমাতিঘাট

মেৰাইন ইঞ্জিন থকা পৰিদৰ্শনৰ পাছত বিভাগটোৱে দুখন স্থানীয় নাও চলাচলৰ বাবে উপযুক্ত বুলি বিবেচনা কৰিছে। সামুদ্ৰিক ইঞ্জিন থকা দুখন স্থানীয় নাও আজিৰ পৰা চলাবলৈ অনুমতি দিয়া হ’ব। নাও দুখনৰ চালক তথা কৰ্মচাৰীয়ে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া যাত্ৰী সুৰক্ষা নিয়ম অনুসৰণ কৰিব লাগিব ।, বাকী আঠ খনৰ বাবে চৰকাৰে মেৰাইন ইঞ্জিন দিব ।

মোবাইল এপ যোগেও ফেৰীৰ প্ৰাইভেট ফেৰীয়ে বিভাগীয় কঠোৰ নিয়মৰ মাজত, সকলো সুৰক্ষা ব্যৱস্থা কৰিহে চলাব পাৰিব | কাইলৈ পৰা নিমাতি অফলাৰ মাজত তিনিটা সময়ত ফেৰী চলিব । নিমাতি, কমলাবাৰী আৰু অফলা ত স্থায়ী ভাবে SDRF থাকিব। দুটা টিম মাজুলী পাৰত ইতিমধ্যে দিয়া হৈছে। ইয়াৰ লগতে মাজুলীৰ পৰা দুখনকৈ পৰিবহণৰ নিগমৰ নৈশ বাছ গুৱাহাটীলৈ চলিব ।

শেহতীয়া দূৰ্ঘটনাৰ পিছতেই নিলম্বন কৰা বিষয়া ৰাতুল ভৰালী নহলে ৰ’পেক্স জাহাজ খন চলাবলৈ অক্ষম বিভাগটো , যাৰ বাবে নিলম্বিত জনকো কামত লগাব লগীয়া হৈছে । এই ঘটনাই বিভাগটোত যোগ্য মানুহৰ সংখ্যা কম যে সেই ছবি খনেই পোহৰলৈ আহিছে ।

লগতে পঢ়ক মাজুলী-নিমাতী ফেৰীসেৱাৰ নতুন সময়সূচী ঘোষণা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply