নিউজ ডেস্কঃ গুৱাহাটীত আহি উপস্থিত হৈছেহি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীক উষ্ম আদৰণি জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটীৰ কইনাধৰাৰ অতিথিশালাত আদৰণি জনোৱা হয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক।
উল্লেখ্য যে, আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ১৯৭১ ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা যুদ্ধত নিজৰ গুৰুত্বপূৰ্ণ ভূমিকা আৰু অৱদান প্ৰদান কৰা ভাৰতীয় নায়কসকল তথা তেঁওলোকৰ পৰিয়ালক সম্বৰ্ধনা জ্ঞাপন কৰিব প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে।
আজি এই সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয় শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত। তাৰপাছত বিয়লি ৩.১০ বজাত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অংশগ্ৰহণ কৰিব আন এক কাৰ্যসূচীত। গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’ব সপ্তম ইণ্ডিয়া ইণ্ডাষ্ট্ৰিয়েল ফেয়াৰ (উদ্যম ২০২২)। এই অনুষ্ঠানতে উপস্থিত থাকিব ৰাজনাথ সিং।