গুৱাহাটীঃ ৰাজ্যত কোভিডে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। কোভিড পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ৰাইজক মুখ্যমন্ত্ৰী সাহায্য পুঁজি আৰু আৰোগ্য নিধিলৈ দান বৰঙণি আগবঢ়াবলৈ আহ্বান জনাইছিল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

ৰাজ্যত কোৰোনা মহামাৰীয়ে সৃষ্টি কৰা বিপদৰ কালত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মাই আগবঢ়ালে নিজৰ সাঁচতীয়া ধন। ২০০০ টকা নিজৰ জমা পুঁজিৰ পৰা আগবঢ়াই মহানুভৱতাৰ পৰিচয় দিলে নন্দিলে।

এই বিষয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই  টুইটাৰ আৰু ফেইচবুক যোগে প্ৰকাশ কৰিছে।

নন্দিলৰ প্ৰশংসাত পিতৃ হিমন্ত বিশ্ব শৰ্মাই লিখিলে, “মোৰ অন্তৰ চুই গৈছে, পিতৃ হিচাপে মই গৌৰৱ অনুভৱ কৰিছোঁ”।

পুত্ৰ নন্দিলৰ এই কাৰ্যত গৌৰৱ আনুভৱ কৰি পিতৃ হিমন্ত বিশ্ব শৰ্মাই নন্দিলক ধন্যবাদ জ্ঞাপন কৰে।

পিছে ছ’চিয়েল মিডিয়াত বহুতে মুখ্যমন্ত্ৰীৰ পুত্ৰই মাত্ৰ ২০০০ টকাহে বৰঙণি আগবঢ়োৱা বুলি কটাক্ষ কৰাও দেখা গৈছে।

আৰু পঢ়কঃশিল্পী অৰুণ দাসলৈ ৰাজ্য় চৰকাৰৰ ১লাখ টকা আৰ্থিক সাহায্য

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply