যোৱাবাৰৰ দৰে এইবাৰো ৰঙালী বিহুৰ অনুষ্ঠানক লৈ নতুন SOP ঘোষণা কৰে হিমন্ত বিশ্ব শৰ্মাই।
মঙলবাৰে সংবাদ মেল যোগে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰঙালী বিহু অনুষ্ঠান আয়োজনৰ সমিতিৰ বাবে এখন নতুন SOP ঘোষণা কৰিছে।
উল্লেখ্য যে, এইবাৰ ৰাজ্যৰ বিহু অনুষ্ঠানৰ কমিটিয়ে কাৰোৰে পৰা দাবী কৰিব নোৱাৰিব চান্দা।
কোনোবাই নিজ ইচ্ছাৰে বৰঙণি দিলে ল’ব পাৰিব কমিটি সমূহে।
ইয়াৰ পৰিবৰ্তে প্ৰত্যেকখন বিহু সমিতিলৈ হিমন্ত বিশ্ব শৰ্মাই আগবঢ়াব ১.৫০ লাখ টকাকৈ সাহাৰ্য।
অৱশ্যে মে মাহৰ ১৫ তাৰিখৰ পিছত বিহু অনুষ্ঠান পতা কমিটি সমূহে নাপাব এই চৰকাৰী বৰঙণি।