গুৱাহাটীঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ বিৰুদ্ধে উত্থাপিত হোৱা ভূমি কেলেংকাৰীকলৈ সৰৱ কংগ্ৰেছ দল।

এটা ৰাষ্ট্ৰীয় আৰু এটা অসমৰ সংবাদ মাধ্যমত প্ৰকাশিত হৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালে অনৈতিকভাৱে কামৰূপ জিলাৰ বঙগৰা আৰু আমিনগাঁৱত ভূমি হস্তান্তৰ কৰাৰ এক বাতৰি।

ইয়াৰ পিছতে সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া। বিৰোধী কংগ্ৰেছ দলে ইয়াৰ এক তদন্তৰ দাবী জনাই বিভিন্ন সময়ত প্ৰতিবাদ সাব্যস্ত কৰিছে।

লগতে পঢ়কঃজামুগুৰিহাটৰ নাহৰবাৰী মাজগাঁৱত পহু উদ্ধাৰ

ইয়াৰ মাজতে মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত কংগ্ৰেছ দলে এক সংবাদ মেল অনুষ্ঠিত কৰি ইয়াৰ এক তদন্তৰ দাবী জনাইছে।

কংগ্ৰেছ নেতা মনজিৎ মহন্তই উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ দ্বাৰা ইয়াৰ দাবী উত্থাপন কৰিছে।

বুধবাৰে কংগ্ৰেছ দলে এই সন্দৰ্ভত এক প্ৰতিবাদী সমদল উলিয়াই ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰদান কৰি ইয়াৰ এক তদন্তৰ দাবী জনাব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিৰ দিনটোত প্ৰতিবাদী সমদল উলিয়ায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply