কলিয়াপানীত চৰকাৰী আইন মহাবিদ্যালয়ৰ শিলান্যাস

টীয়ক: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি যোৰহাট জিলাৰ মৰিয়নি বিধানসভা সমষ্টিৰ অন্তৰ্গত কলিয়াপানীত (শ্ৰীশ্ৰীআউনীআটী সত্ৰৰ সমীপত) চৰকাৰী আইন মহাবিদ্যালয়, যোৰহাটৰ আধাৰশিলা স্থাপন কৰে। মহাবিদ্যালয়খন ২৪ মাহৰ ভিতৰত ১৪.৭৪ কোটি টকাৰ বাজেট ব্যয়সাপেক্ষে নিৰ্মাণ সম্পূৰ্ণ কৰা হ’ব।

মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে যোৰহাটৰ চৰকাৰী আইন মহাবিদ্যালয়ৰ উপৰি ৰাজ্য চৰকাৰে ডিব্ৰুগড়, উত্তৰ লখিমপুৰ, ৰঙিয়া, ধুবুৰী, ডিফু, শিলচৰ, তেজপুৰ, নলবাৰী আৰু নগাঁৱত চৰকাৰী আইন মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে অসম চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষা নীতিও কাৰ্যকৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, যাৰ অধীনত ২০২২ চনৰ ভিতৰত ৩,০০০খন উচ্চ বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হ’ব। ৰাজ্যখনত বিশ্ববিদ্যালয়ৰ সংখ্যাও বৃদ্ধি কৰা হ’ব। অসম চৰকাৰে প্ৰতিটো উন্নয়ন খণ্ডত এখনকৈ মহাবিদ্যালয় স্থাপনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

অনুষ্ঠানত মন্ত্ৰীদ্বয় ডাঃ ৰণোজ পেগু আৰু যোগেন মহন, মাননীয় সাংসদদ্বয় তপন কুমাৰ গগৈ আৰু কামাখ্যা প্ৰসাদ তাছা, মাননীয় বিধায়িকা ৰেণুপমা ৰাজখোৱা আৰু প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীও উপস্থিত থাকে।

লগতে পঢ়ক হাজাৰ টকাৰ উৎকোচ লৈ জালত পৰিল নগাঁও কোষাগাৰৰ মহিলা কৰ্মচাৰী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply