জ্ঞানপীঠ বঁটা লাভ কৰা কবি নীলমণি ফুকনে ভাষাটো যিকোনো প্ৰকাৰে জীয়াই ৰখাৰ বাবে আহ্বান জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। কাব্যঋষি গৰাকীক আজি তেওৰ বাসগৃহত লগ কৰিবলৈ যোৱাৰ সময়ত কাষতে বহুৱাই কবি নীলমণিয়ে ক’লে এই কথা। ‘ভাষাটো নাথাকিলে মানুহ নাথাকে, মানুহ নাথাকিলে মাটি নাথাকে।’ জ্ঞানপীঠ বঁটা বিজয়ী কবি গৰাকীয়ে এই বাক্য পুনৰ দোহাৰে ।
জ্ঞানপীঠ বঁটা’ৰে সন্মানিত বিশিষ্ট সাহিত্যিক তথা কবি ‘কাব্যঋষি’ নীলমণি ফুকনদেৱক তেখেতৰ গুৱাহাটীস্থিত বাসভৱনত সাক্ষাৎ কৰি আন্তৰিক অভিনন্দন জ্ঞাপন কৰি মুখ্যমন্ত্ৰীয়ে কয়, “তেখেতৰ প্ৰতি মোৰ গভীৰ শ্ৰদ্ধা নিবেদন কৰি আশিস বিচাৰোঁ। তেখেতৰ পৰ্বতসম অৱদানে আমাক অসমীয়া ভাষা আৰু সাহিত্যৰ জগতখনক সদা গৌৰৱান্বিত কৰি ৰাখিব।”
আনহাতে কটন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা বিশিষ্ট পদাৰ্থবিজ্ঞানী ড° কমলেন্দু দেৱ ক্ৰৰীকো গুৱাহাটীস্থিত বাসভৱনলৈ গৈ তেখেতৰ স্বাস্থ্যৰ বুজ লয় মুখ্যমন্ত্ৰীয়ে। ৰাজ্য চৰকাৰে শেহতীয়াকৈ শৈক্ষিক ক্ষেত্ৰ আৰু বিজ্ঞান গৱেষণাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেখেতক ‘অসম সৌৰভ’ বঁটাৰে সন্মানিত কৰে। ক্ৰৰী ছাৰৰ অনবদ্য অৱদানে অসমৰ যুৱক-যুৱতীসকলক বিজ্ঞান শিক্ষাৰ দিশত যথেষ্ট অনুপ্ৰাণিত কৰি আহিছে আৰু আগলৈও কৰি যাব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।
লগতে পঢ়ক- অমিক্ৰণ ‘ভেৰিয়েন্ট’ সঁচাকৈয়ে ভয়ানক নেকি? কেনেকৈ বিস্তাৰ লাভ কৰে এই ভাইৰাছে?