গুৱাহাটী : বুধবাৰে অনুভূত হােৱা ভূমিকম্পৰ ক্ষয়-ক্ষতি পর্যালােচনা আৰু ভৱিষ্যতে এই সম্বন্ধে গ্ৰহণ কৰিবলগীয়া পদক্ষেপসমূহৰ পর্যালােচনাৰ উদ্দেশ্যৰে মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালৰ অধ্যক্ষতাত মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনত বৃহস্পতিবাৰে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণৰ উচ্চপদস্থ বিষয়াই ভূমিকম্পৰ ক্ষয়-ক্ষতিৰ বিষয়ে মুখ্যমন্ত্রীক অৱগত কৰে। বৈঠকত মুখ্যমন্ত্রী সােণােৱালে কয় যে “১৮৯৬ চনৰ পৰা বুধবাৰলৈকে হােৱা সৰু-বৰ ভূমিকম্পসমূহৰ বিষয়ে ভালদৰে অধ্যয়ন কৰি ইয়াৰ ক্ষয়-ক্ষতি আৰু বিভিন্ন ভূমিকম্পৰ প্রকৃতি সম্বন্ধে এক বিস্তৃত অধ্যয়ন কৰাটো প্রয়ােজনীয় আৰু এই অধ্যয়নৰ ওপৰত ভিত্তি কৰি ভৱিষ্যতে হ’ব পৰা যিকোনাে এনে ধৰণৰ দুর্যোগৰ সৈতে মােকাবিলা কৰাৰ এক সু-বিস্তৃত কর্মপন্থা যুগুত কৰিব লাগিব যাতে এনেধৰণৰ দুর্যোগৰ ক্ষয়-ক্ষতিৰ পৰিমাণ হ্রাস কৰিব পৰা যায়।”

মুখ্যমন্ত্ৰীয়ে কয় যে ‘গৃহ নির্মাণৰ অনুমতিৰ ক্ষেত্ৰত কোনাে ধৰণৰ যাতে সুৰুঙা নাথাকে সেইটো নিশ্চিত কৰিব লাগিব বুলি উল্লেখ কৰি ইয়াৰ বাবে গৃহ নির্মাণৰ বিধি আৰু নেশ্যলেন বিল্ডিং ক’ড যাতে নিশ্চিত ৰূপত পালন কৰা হয়, সেইটো সুনিশ্চিত কৰিব লাগিব।’ গৃহ নিৰ্মাণৰ এই বিধিসমূহ যাতে আখৰে আখৰে পালন কৰাটো নিশ্চিত কৰিব পৰা যায় তাৰ বাবে এখন ‘এক্সপার্ট কমিটি গঠন কৰাৰ ওপৰতাে গুৰুত্ব আৰােপ কৰে। গৃহ নির্মাণৰ সময়ত ভূমিকম্প প্রতিৰােধী আৰ্হি ভাল দৰে ৰূপায়ণ কৰাটো নিশ্চিত কৰিব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। বৈঠকতে মুখ্যমন্ত্ৰীয়ে এই ‘এক্সপার্ট কমিটি’খন ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণ, লােক নির্মাণ বিভাগ আৰু গুৱাহাটী মহানগৰ উন্নয়ন প্রাধিকৰণৰ সদস্যৰে গঠন কৰাৰ বাবেও নির্দেশ দিয়ে।

বৈঠকত মুখ্যমন্ত্ৰীয়ে কয় যে আমাৰ ৰাজ্যখন যিহেতু ভূমিকম্প প্ৰৱণ অঞ্চলত অৱস্থিত, সেয়েহে এই দিশত আমি অধিক সচেষ্ট হ’ব লাগিব। মুখ্যমন্ত্ৰীয়ে কয় যে জাপান ভূমিকম্প প্রৱণ এক ৰাষ্ট্র। উন্নত প্রযুক্তিৰে গৃহ নির্মাণৰ লগতে জনসচেতনতাৰ সৃষ্টি কৰি জাপানে ইতিমধ্যে ভূমিকম্পৰ সৈতে সহাৱস্থান কৰিবলৈ শিকিছে।

তেওঁ লগতে কয় যে জাপানে আর্থকুৱেক ৱাৰ্ণিং চিষ্টেম এটা গঢ়ি তােলাৰ দিশত সক্ষম হৈছে। জাপানৰ সহযােগত এনেধৰণৰ প্রযুক্তি অসমলৈ আনি ভূমিকম্পৰ আগতীয়া আগজাননী দিয়াৰ ব্যৱস্থা এটা বিকশাই তােলাৰ ওপৰতাে মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰােপ কৰে। মুখ্যমন্ত্ৰীয়ে জাপানৰ সৈতে এই দিশত যােগাযােগ চলােৱাৰ বাবেও নির্দেশ দিয়ে।

বুধবাৰৰ ভূমিকম্পত ইতিমধ্যে ক্ষতিৰ সন্মুখীন হােৱা গৃহসমূহ কেনেদৰে পুনঃ সৱলীকৰণ কৰিব পৰা যায় তাৰ বিষয়ে এক বিস্তৃত জৰীপ কার্য চলােৱাৰ বাবেও মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে। বৈঠকতে মুখ্যমন্ত্ৰীয়ে ভূমিকম্পৰ দৰে দুর্যোগৰ সৈতে কেনেদৰে ক্ষয়-ক্ষতিৰ সন্মুখীন নােহােৱাকৈ মােকাবিলা কৰিব পৰা যায় সেই দিশত এক ব্যাপক জনসচেনতনতাৰ কাৰ্যসূচী ৰাজ্যখনৰ চুকে-কোণে ৰূপায়ণ কৰা পদক্ষেপ ল’বলৈ ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণক নির্দেশ দিয়ে।

এই সজাগতাৰ কাৰ্যসূচীত বিদ্যালয়ৰ ছাত্র-ছাত্রীকে ধৰি সংশ্লিষ্টসকলাে পক্ষকে জড়িত কৰােৱাৰ পদক্ষেপ ল’বলৈ মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে। ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ভূমিকম্পৰ লেখীয়া দুর্যোগৰ সৈতে কেনেদৰে মােকবিলা কৰিব পাৰে এই সম্বন্ধে ম’কড্রিল চলাই আছে যদিও এই মকড্রিল সঘনাই অনুষ্ঠিত কৰাৰ পদক্ষেপ ল’বলৈও মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে। ভূমিকম্পৰ লগত যাতে সহাৱস্থান কৰি আমি ক্ষয়-ক্ষতিৰ পৰিমাণ কমাব পাৰাে, সেই সম্বন্ধে এই ম’কড্রিলসমূহত ভালদৰে প্ৰদৰ্শন কৰাৰ পদক্ষেপ ল’বলৈও মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে। ৰাজ্যত নির্মিত বহুমহলীয়া ভৱনসমূহত ব্যৱহৃত লিটসমূহ ঘৰৰ মূল গাঁথনিৰ ভিতৰত নাৰাখি বাহিৰত ৰখাৰ ব্যৱস্থা কৰিলে বহুতাে দুর্যোগৰ পৰা হাত সাৰিব পৰা যাব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এনেধৰণৰ ব্যৱস্থাৱলী ৰূপায়ণৰ পদক্ষেপ ল’বলৈও নির্দেশ দিয়ে।

ভূমিকম্প প্রতিৰােধী গৃহ নির্মাণ, ভূমিকম্পৰ সময়ত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা ইত্যাদিসমূহ সামৰি ব্যাপক সজাগতাৰ বাবে সংবাদ মাধ্যমসমূহৰ জৰিয়তে ব্যাপক সজাগতাৰ কাৰ্যসূচী গ্রহণ কৰাৰ বাবেও মুখ্যমন্ত্ৰীয়ে বৈঠকত নির্দেশ দিয়ে। বৈঠকত মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গােস্বামী, আৰক্ষী সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্ত, মুখ্যমন্ত্ৰীৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰধান সচিব নীৰজ বার্মা, ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া জি ডি ত্রিপাঠী, অগ্নিনির্বাপন, লােক নির্মাণ (গৃহ) আদি বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,873 other subscribers

Leave a comment

Leave a Reply