গুৱাহাটীঃ অসমত অপৰিৱৰ্তনীয় হৈ আছে বান পৰিস্থিতি। ৰাজ্যৰ ৩৪খন জিলা এতিয়া বানৰ কবলত। সোমবাৰে বানৰ কবলত পৰা প্ৰতিখন জিলাৰ উপায়ুক্ত, মহকুমা বিষয়া আৰু বিভাগীয় মন্ত্ৰীসকলৰ সৈতে এক বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।  প্ৰতিখন জিলাৰ বান পৰিস্থিতি তথা বান শিবিৰত থকা ৰাইজৰ খতিয়ান লয় মুখ্যমন্ত্ৰী গৰাকীয়ে। বানাক্ৰান্ত ৰাইজক পৰ্যাপ্ত পৰিমাণৰ বান সাহাৰ্য যোগান ধৰিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে। প্ৰতিদিনাই এগৰাকীকৈ চিকিৎসকক বান শিবিৰে শিবিৰে স্বাস্থ্যপৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। বুধবাৰৰ পৰা বানাক্ৰান্ত অঞ্চলে প্ৰতি ‘মেগা হেল্থ কেম্প’ অনুষ্ঠিত কৰাৰ নিৰ্দেশনা মুখ্যমন্ত্ৰীৰ।

আনহাতে বৰাকতো বানে বিভীষিকাময় পৰিস্থিতি সৃষ্টি কৰিছে। বৰাকত হেলিকপ্তাৰৰ সহায়ত পেট্ৰ’ল-ডিজেলৰ লগতে বান সাহাৰ্য যোগান ধৰিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উক্ত বৈঠকত এন ডি আৰ এফ আৰু এছ ডি আৰ এফ, বায়ুসেনা, ৰে’লৱে আদিকে ধৰি বিভিন্ন বিভাগৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত আছিল। বানত হোৱা ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি উপায়ুক্তসকলক এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ সেৱা ব্যৱহাৰ কৰিবলৈ আৰু প্ৰয়োজন হ’লে সেনাবাহিনীক উদ্ধাৰ প্ৰক্ৰিয়াত জড়িত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply