শােণিতপুৰ : মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে দেওবাৰে শােণিতপুৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক বৈঠকত শােণিতপুৰ আৰু বিশ্বনাথ জিলাৰ সাম্প্রতিক কভিড পৰিস্থিতিৰ বিতং পর্যালােচনা কৰে। বৈঠকত মুখ্যমন্ত্ৰীয়ে জিলা দুখনৰ কভিড ৰােগীৰ চিকিৎসাৰ আন্তঃগাঁথনিগত সা-সুবিধা, পৰীক্ষণ, অক্সিজেনৰ পর্যাপ্ততা, টিকাকৰণৰ পদক্ষেপ ইত্যাদিৰ সবিশেষ বুজ লয়। বৈঠকত শােণিতপুৰ আৰু বিশ্বনাথ জিলাৰ উপায়ুক্ত দুগৰাকীয়ে মুখ্যমন্ত্ৰীক জিলা দুখনত কভিড১৯ ৰ সংক্রমণ ৰােধ কৰা তথা টিকাকৰণৰ কাৰ্যসূচীৰ বিষয়ে বিস্তৃতভাৱে অৱগত কৰে।
মুখ্যমন্ত্রী সৰ্বানন্দ সােণােৱালে জিলা প্রশাসন তথা স্বাস্থ্য বিভাগৰ বিষয়াসকলক লক্ষ্য নির্ধাৰিত হিতাধিকাৰীসকলৰ টিকাকৰণৰ প্রক্রিয়া ত্বৰান্বিত কৰাৰ লগতে জনসাধাৰণক কভিডৰ প্র’টকল সর্বাত্মকভাৱে পালনৰ দিশত ব্যাপক সজাগতা সৃষ্টিৰ পদক্ষেপ ল’বলৈ নির্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে চাহ বাগিচা অঞ্চলত এই বিষয়ে উপযুক্ত সচেতনতা সৃষ্টিৰ বাবে অনুভাষ যন্ত্রৰ জৰিয়তে ব্যাপক প্রচাৰৰ ব্যৱস্থা কৰিবলৈ নির্দেশ দিয়ে। বৈঠকত মুখ্যমন্ত্ৰীয়ে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত থকা অক্সিজেন প্লেন্টৰ উৎপাদন তথা মজুতকৰণৰ বিষয়ে বুজ লােৱাৰ উপৰি প্রয়ােজনীয় আন্তঃগাঁথনি নিশ্চিত কৰাৰ বাবেও নির্দেশ দিয়ে।
আৰু পঢ়কঃ বিশ্বজুৰি সমালোচনাৰ পিছত ভাৰতক সহায়ৰ প্ৰতিশ্ৰুতি আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ
তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ তথা মুখ্য অধীক্ষকগৰাকীয়ে লিকুইড অক্সিজেন, অক্সিজেন কনচেট্রেট ইত্যাদিৰ সবিশেষ মুখ্যমন্ত্ৰীক অৱগত কৰে। স্বাস্থ্য বিভাগে জাৰি কৰা কভিড প্র’টকল আখৰে আখৰে পালন কৰাৰ ওপৰত গুৰুত্ব প্রদান কৰি মুখ্যমন্ত্রী সৰ্বানন্দ সােণােৱালে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ পৰামৰ্শৰ ভিত্তিত ৰাজ্য চৰকাৰে কভিডৰ সংক্রমণ প্রতিহত কৰাৰ বাবে পঞ্চসূত্র, যেনে টেষ্টিং, ট্রেচিং, ট্রিটমেন্ট, কভিড এপিয়েট বিহেভিয়াৰ আৰু ভেকচিনেশ্যনৰ ওপৰত অত্যাধিক গুৰুত্ব আৰােপ কৰিছে।
মুখ্যমন্ত্ৰীয়ে কভিড সংক্রমণ ৰােধৰ বাবে মাইক্র’ কন্টেইনমেন্ট জন সৃষ্টিকৰাৰ ওপৰতাে গুৰুত্ব আৰােপ কৰে। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে কভিডৰ প্রথম জোৱাৰত আহৰণ কৰা অভিজ্ঞতাই কভিডৰ দ্বিতীয় জোৱাৰ মােকাবিলা কৰাৰ দিশত বিশেষভাৱে সহায়ক হ’ব। কাৰণ ইয়াৰ জৰিয়তে স্বাস্থ্য সেৱাৰ দিশত উপযুক্ত মানৱ সম্পদ তথা প্রয়ােজনীয় স্বাস্থ্য আন্তঃগাঁথনি শক্তিশালী হৈ উঠিছে। মুখ্যমন্ত্ৰীয়ে কভিড প্ৰতিৰােধৰ লগতে অর্থনৈতিক কাম-কাজো যাতে বাধাপ্রাপ্ত নােহােৱাকৈ চলাই যাব পৰা যায়, এই ক্ষেত্ৰত সচেষ্ট হােৱাৰ বাবেও আহ্বান জনায়।
মুখ্যমন্ত্ৰীয়ে গৰিৱ কল্যাণ আঁচনিৰ জৰিয়তে দুখীয়া লােকে লাভ কৰিবলগীয়া খাদ্য শস্য যাতে কোনাে ধৰণৰ বেমেজালি নােহােৱাকৈ বিতৰণ কৰাটো নিশ্চিত কৰিব পৰা যায় তাৰ বাবে উপযুক্ত পদক্ষেপ লােৱাৰ বাবেও জিলা প্রশাসনক নির্দেশ দিয়ে। বৈঠকত মুখ্যমন্ত্ৰীয়ে জিলা দুখনত অত্যাৱশ্যকীয় সামগ্রীৰ সূচলৰ যােগান নিশ্চিত কৰাৰ বাবে খাদ্য, অসামৰিক যােগান আৰু গ্রাহক পৰিক্ৰমা বিভাগক নির্দেশ দিয়ে। এই সময়ত কোনাে অসাধু ব্যৱসায়ীয়ে যাতে কৃত্রিম নাটনিৰ সৃষ্টি কৰি মূল্যবৃদ্ধি কৰিব নােৱাৰে সেই দিশত নিৰীক্ষণ ব্যৱস্থা শক্তিশালী কৰাৰ পদক্ষেপ ল’বলৈ জিলা দুখনৰ উপায়ুক্ত দুগৰাকীক মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে।
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে এই প্রত্যাহ্বানৰ সময়ত সকলাে চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে দায়বদ্ধতাৰে কর্মত অগ্ৰসৰ হ’ব লাগিব। মুখ্যমন্ত্ৰীয়ে আৰক্ষীক ৰাজহুৱা স্থানত মাস্ক নিপিন্ধা ব্যক্তিসকলৰ বিৰুদ্ধে উপযুক্ত জৰিমনা আদায়ৰ পদক্ষেপ ক্ষিপ্ৰ কৰাৰ ওপৰতাে গুৰুত্ব আৰােপ কৰে। বৈঠকত মুখ্যমন্ত্ৰীয়ে বিদ্যালয়সমূহৰ পৰিদৰ্শকক ছাত্র-ছাত্রীসকলৰ অভিভাৱকসকলৰ সৈতে যােগাযােগ স্থাপন কৰি এই জটিল সন্ধিক্ষণত ছাত্র-ছাত্রীসকলে যাতে ইতিবাচকভাৱে নিজৰ অধ্যয়নত অগ্ৰসৰ হৈ যাব পাৰে সেই দিশত অনুপ্রাণিত কৰাৰ পদক্ষেপ ল’বলৈও নির্দেশ দিয়ে। জনসাধাৰণৰ মাজত উপযুক্ত জনসচেতনতা সৃষ্টিৰ দিশত স্বেচ্ছাসেৱী সংস্থা, সমাজৰ অগ্রণী ব্যক্তি ইত্যাদিক জড়িত কৰােৱাৰ ব্যৱস্থা ল’বলৈ জিলা উপায়ুক্তসকলক মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে।
মুখ্যমন্ত্ৰীয়ে বাহিৰৰ পৰা জিলালৈ অহা ট্রাক ড্রাইভাৰসকলৰ কভিড পৰীক্ষা পর্যাপ্ত কৰাৰ বাবে জিলা উপায়ুক্ত আৰু স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকসকলক নির্দেশ দিয়ে। বৈঠকত শােণিতপুৰ আৰু বিশ্বনাথ জিলাৰ উপায়ুক্তদ্বয়ৰ লগতে সাংসদ পল্লৱ লােচন দাস, শােণিতপুৰ আৰু বিশ্বনাথ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক, শােণিতপুৰ আৰু বিশ্বনাথ জিলাৰ স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক, ভাৰতীয় সেনাৰ জি অ’ চি ফৰ কৰ্পছৰ প্রতিনিধিৰ লগতে বিভিন্ন বিভাগৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে।