গুৱাহাটীঃ সুৰামত্ত অৱস্থাত গাড়ী চলাই গুৱাহাটীৰ ৰুক্মিণীগাঁৱত  ন গৰাকীকৈ শ্ৰমিকক মহতীয়াই নিয়া যুৱতী তথা মডেল ৰাজকন্যা বৰুৱাৰ জামিন মঞ্জুৰ কৰে।

ৰাজকন্যা বৰুৱাৰ জামিনৰ বিষয়টোক লৈ এতিয়া আৰক্ষীৰ ওপৰত সন্দেহৰ আঙুলি উঠিছে।

ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ২৭৯, ২৯৪, ৩৮৮ আৰু ৩৫৩ ধাৰাত গোচৰ ৰুজু কৰিছিল আৰক্ষীয়ে। ইয়াৰে তিনিটা ধাৰা হৈছে জামিনযোগ্য। সেইকেইটা হৈছে, ক্ৰমে দ্ৰুত গতিৰে গাড়ী চলোৱা, ৰাজহুৱা স্থানত অশালীন ব্যৱহাৰ কৰা আৰু দ্ৰুত গতিৰে গাড়ী চলাই মানুহক খুন্দিওৱা আদি।

কিন্তু ভাৰতীয় দণ্ডবিধি আইনৰ ৩৫৩ ধাৰাটো আছিল জামিন অযোগ্য। কৰ্তব্যৰত আৰক্ষী বিষয়া বা চৰকাৰী বিষয়াক কৰ্তব্য সম্পাদনত বাধা প্ৰদান কৰা ক্ষেত্ৰত ৩৫৩ ধাৰা প্ৰযোজ্য হয় ।

ৰাজকন্যা বৰুৱাই কৰ্তব্যৰত আৰক্ষী বিষয়াক ঘটনাস্থলীৰ লগতে আৰক্ষী থানাটো দুৰ্ব্যৱহাৰ কৰিছিল। তাৰ স্পষ্ট ভিডিঅ’ সংবাদ মাধ্য়মত প্ৰচাৰিত হৈছিল।

তাৰ পিছতো এই ধাৰাত ৰাজকন্যা বৰুৱাই কেনেকৈ জামিন পালে এই লৈ প্ৰশ্ন উত্থাপন হৈছে।

তদুপৰি সুৰামত্ত হৈ দ্ৰুত গতিৰে গাড়ী চলোৱা মটৰ ভেহিকল এক্টৰ ১৮৫ ধাৰা আৰু সুৰামত্ত হৈ গাড়ী চলোৱাৰ বাবে ৰাজকন্যাৰ বাবে আইপিচি ৩০৪(এ) আৰু মটৰ ভেহিকল এক্টৰ ১৯৮৮ৰ অধীনত ১৮৫ ধাৰা প্ৰয়োগ কৰা নাই। তদুপৰি কাৰ্ফিউ ভংগৰ বিৰুদ্ধেও যুৱতীগৰাকীৰ ক্ষেত্ৰত গোচৰ ৰুজু নহ’ল।

আৰক্ষীয়ে জনোৱা তথ্য মতে ঘটনাতো সংঘটিত হৈছিল নিশা ১.৪৫ বজাত । যুৱতীগৰাকী আহিছিল এখন পঞ্চতাৰকাযুক্ত হোটেলত পাৰ্টী কৰি। সান্ধ্য আইন আৰম্ভ হোৱাৰ পিছত হোটেলত পাৰ্টী কেনেকৈ চলিছিল। ৯ বজাতে সকলো দোকান পোহাৰ বন্ধ হয়। হোটেলত তাৰ পিছত আবাসী গ্ৰাহককহে আহাৰ যোগান ধৰাৰ ব্যৱস্থা আছে। বাহিৰৰ পৰা গৈ সেই সময় পাৰ হোৱাৰ পিছতো কেনেকৈ যুৱতীগৰাকীয়ে পাৰ্টী কৰিব পাৰিছিল? যুৱতীগৰাকীয়ে Disaster Management Act ভংগ কৰাৰ সংক্ৰান্তত আৰক্ষীয়ে কোনো গোচৰ ৰুজু কৰি ধাৰা প্ৰয়োগ কৰা নাই। পঞ্চতাৰকাযুক্ত হোটেলখনৰ বিৰুদ্ধেও আৰক্ষীয়ে গোচৰ লোৱাৰ প্ৰয়োজনীয়তাও তদন্তকাৰী বিষয়াই নকৰিলে।

দুই তদন্তকাৰী বিষয়াক ৰিজাৰ্ভ ক্লজ কৰাৰ নিৰ্দেশ

ৰাজকন্যা বৰুৱাক জামিনৰ সুযোগ দিয়া আৰক্ষী বিষয়াৰ বিৰুদ্ধে তদন্ত কৰি ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ৰাজকন্যা বৰুৱাক ৰক্ষণাবেক্ষণ দিয়া দিছপুৰ থানাৰ মহিলা চাব ইন্সপেক্টৰ আভাৰাণী গগৈ আৰু যান বাহন শাখাৰ ইন্সপেক্টৰ শ্বাহিৰ আলীৰ বিৰুদ্ধে চৰকাৰে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই সান্ধ্য আইনৰ মাজতে দিছপুৰত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰা ৰাজকন্যা বৰুৱাক জামিনৰ সুযোগ দিয়া দুই আৰক্ষী বিষয়া SI ছাহিৰ আলী আৰু WSI আভাৰাণী গগৈক ৰিজাৰ্ভ ক্ল’জ আৰক্ষী আয়ুক্তৰ ৷

উল্লেখ্য যে ৰাজকন্যা বৰুৱাই দিছপুৰত সংঘটিত কৰা দুৰ্ঘটনাত পতিত দুজন শ্ৰমিকৰ বৰ্তমান অৱস্থা সংকটজনক। ৰাজকন্যা বৰুৱাই দিছপুৰত সংঘটিত কৰা দূৰ্ঘটনাত দুয়োখন ভৰি কটা গল এজন লোকৰ৷ যোচেফ নামৰ লোকজনৰ চিকিৎসকে কাটিব লগা হ’ল বাওঁ ভৰিখন৷ দূৰ্ঘটনাটোত সোঁভৰিখন চিঙি পথত পৰি ৰৈছিল তেওঁৰ৷ এই শ্ৰমিক কেইজনে আইনৰ পৰা ন্যায় আশা কৰিব পাৰিবনে ?

লগতে পঢ়কঃথাওৰা এৰি নিদিয়ে ৰাইজৰ দলে কংগ্ৰেছৰ সৈতে মিত্ৰতা অনিশ্চয়তাত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,343 other subscribers

Leave a comment

Leave a Reply