গুৱাহাটীঃ অচিৰেই ৰাজ্য চৰকাৰে প্ৰকাশ কৰিব ক’ভিডৰ নতুন এছ অ’ পি। ১ ফেব্ৰুৱাৰীৰ পৰা নৈশ সান্ধ্য আইনৰ সময় নিশা ১১ বজাৰ পৰা হ’ব। ৩০ জানুৱাৰীৰ পিছত বিদ্যালয় খোলাৰ ইংগিত দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
এক সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয়, “স্কুল-কলেজ লাহে লাহে খুলিম। যদি কৰবাত বেছি হয়, তেতিয়া আমি কিছু কঠোৰ ব্যৱস্থা লম।আমি কোভিডৰ এছ অ’ পি লাহে লাহে শিথিল কৰিম। ১ ফেব্ৰুৱাৰীৰ পৰা নৈশ সান্ধ্য আইনৰ সময় নিশা ১১ বজাৰ পৰা হ’ব।আনহাতে অমিক্ৰণৰ ক্ষেত্ৰত ৭ দিন হোম কোৱাৰিণ্টাইন হ’লেই হ’ব।”
ইফালে শিক্ষক নিযুক্তি সম্পৰ্কেও মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে। শিক্ষক নিযুক্তি সম্পৰ্কীয় সকলো নিয়ম সংশোধনৰ বাবে এখন সমিতি গঠন কৰা হ’ব। ২০২২ চনৰ মাৰ্চৰ ভিতৰত বিদ্যালয়সমূহৰ একত্ৰীকৰণ সম্পূৰ্ণ কৰা হ’ব ।
লগতে পঢ়কঃৰহস্য!এটা নিশাতেই একেলগে তিনিজনকৈ যুৱকৰ মৃত্যু
‘স্নাতক শিক্ষক’ আৰু ‘স্নাতকোত্তৰ শিক্ষকৰ নামকৰণ বাতিল কৰি এনে সকলো বিদ্যমান পদক ‘বিদ্যালয় শিক্ষক’ হিচাপে জনা যাব । ‘বিদ্যালয় শিক্ষক’ পদৰ বাবে মৌলিক শিক্ষাগত অৰ্হতা হ’ব স্নাতকোত্তৰ ৷
চাহ বাগিচাৰ সকলো নিৰ্মাণাধীন উচ্চ মাধ্যমিক বিদ্যালয় নিৰ্ধাৰিত সময় সীমাৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব যাতে ২০২২ চনৰ এপ্ৰিলৰ ভিতৰত নতুন বিদ্যালয় ভৱন উদ্বোধন কৰিব পৰা যায়।
চাহ বাগিচা ব্যৱস্থাপনাই পৰিচালনা কৰা ৩৯৯খন বিদ্যালয় প্ৰাদেশীকৰণ কৰা হ’ব ।
দেওবাৰ বৈঠকত আদৰ্শ বিদ্যালয় নিৰ্মাণৰ অগ্ৰগতি, নিযুক্তি সম্পৰ্কীয় বিষয়, শিক্ষাৰ্থীসকলৰ টিকাকৰণ আৰু শিক্ষকৰ পেঞ্চন সম্পৰ্কীয় বিষয় সন্দৰ্ভতো পৰ্যালোচনা কৰা হয় । বৈঠকত শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগু উপস্থিত আছিল ৷