গুৱাহাটী:নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক জৰুৰী ভাবে অসম আৰক্ষীৰ মুখ্য কাৰ্যলয়লৈ বদলী কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়,
তদন্ত প্ৰতিবেদনক হেয় প্ৰতিপন্ন কৰাটো উচিত নহয়। সংবাদমেল পাতি এই তদন্ত প্ৰতিবেদনক নসাৎ কৰিব বিচৰা কাৰ্যটো বেয়া হৈছে। মুখ্যমন্ত্ৰীয়ে আৰু কয়, আৰক্ষীৰ অপৰাধীৰ বিৰুদ্ধেহে সংগ্ৰাম হ’ব লাগে, সাধাৰন লোকৰ বাবে নহয়।
সাধাৰণ লোকে গালি পাৰিলেও শুনিব লাগে আৰক্ষীয়ে। আৰক্ষী অপৰাধীৰ ক্ষেত্ৰতহে কঠোৰ হ’ব লাগে, সাধাৰণ লোকৰ ক্ষেত্ৰত নহয়। সাধাৰন নাগৰিকৰ বিৰুদ্ধে কঠোৰ হ’লে আমাৰ উদ্দেশ্যয়েই ব্যৰ্থ হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়।
নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ বদলি সম্পৰ্কত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীয়ে আৰক্ষীক অপৰাধীৰ বিৰুদ্ধে অধিক কঠোৰ হ’বলৈ আহ্বান জনাই। আৰক্ষী আৰক্ষীৰ ঠাইত থাকিব লাগে।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ গৈ তাত চিকিৎসাধীন হৈ থকা বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মা প্ৰভুৰ স্বাস্থ্যৰ বুজ লৈ অহাৰ পিছত মুখ্যমন্ত্ৰীয়ে এই বক্তব্য আগবঢ়াই ৷

লগতে পঢ়ক-নগাঁও এৰি মুখ্য কাৰ্যালয়লৈ আনন্দ মিশ্ৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,838 other subscribers

Leave a comment

Leave a Reply Cancel reply