গুৱাহাটী- মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি জোনাইৰ চিলাপথাৰত কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহে অংশগ্ৰহণ কৰা বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে।
সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰখনে ২০১৪ চনৰ পৰা সমগ্র ৰাষ্ট্ৰতে উন্নয়নৰ এক শক্তিশালী বাতাবৰণৰ সূচনা কৰিছে। পদক্ষেপৰ বাবে অসমে আজি বিকাশৰ পথত দৃঢ়তা তথা দ্ৰুতভাৱে খোজ পেলাবলৈ সক্ষম হৈছে।
মুখ্যমন্ত্ৰীয়ে কয় যে কংগ্ৰেছৰ কাৰ্যকালত বগীবিল দলং নিৰ্মাণ হৈ উঠাটো কোনোপধ্যে সম্ভৱ নাছিল। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰয়াসৰ বাবে আজি বগীবিল দলঙৰ নিৰ্মাণ কাৰ্য সম্ভৱ হৈ উঠিল। ইয়াৰ ফলত জোনাইৰ লগতে ধেমাজি জিলালৈ যাতায়তৰ সুগম ব্যৱস্থা এটা গঢ়ি উঠিল।
ইয়াৰ পিছতেই আজি শিৱসাগৰত বিজেপি প্ৰাৰ্থীৰ সমৰ্থনত অনুষ্ঠিত আন এখন বিশাল নিৰ্বাচনী সভাতো মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰে।
দুৰ্নীতি বিৰুদ্ধে চলা অভিযানত বিজেপি চৰকাৰখনে বহু সংখ্যক দুৰ্নীতিকাৰী বিষয়া-কৰ্মচাৰীক কৰায়ত্ত কৰি শক্তিশালী পদক্ষেপ লৈছে। বৰ্তমানৰ চৰকাৰৰ কাৰ্যকালত সেয়েহে দৰিদ্ৰ পৰিয়ালৰ পুত্ৰ-কন্যাই কোনো মন্ত্ৰী, বিধায়কক লগ নকৰাকৈ সম্পূৰ্ণ মেধাৰ ভিত্তিত চাকৰি পাবলৈ সক্ষম হৈছে। বিজেপি চৰকাৰ থকালৈকে মেধা সম্পন্ন ছাত্ৰ-ছাত্ৰীয়ে এক পইচা নভৰাকৈ চাকৰি পাবলৈ সক্ষম হৈছে।
বৰ্তমানৰ চৰকাৰৰ কাৰ্যকালতে কাজিৰঙাৰ চোৰাং চিকাৰীৰ দপদপনি বন্ধ কৰা হৈছে। অসম গৌৰৱ কাজিৰঙাৰ এশিঙীয়া গঁড় বিজেপিৰ দিনতে সুৰক্ষিত হৈছে। বন্যপ্ৰাণী আৰু বন সুৰক্ষাৰ বাবে লোৱা শক্তিশালী পদক্ষেপৰ বাবে মানাহ, ওৰাং, পবিতৰা ইত্যাদিকে ধৰি অন্যান্য অভয়াৰণ্যসমূহতো বন্যপ্ৰাণীৰ সংখ্যা উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে।
বিজেপি তথা মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱা বিৰোধী প্ৰাৰ্থীসকলে এখন শক্তিশালী সমাজ নিৰ্মাণ কৰিব নোৱাৰে বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণত উল্লেখ কৰে।