তিনিচুকীয়াঃ ৰাজ্যত অব্যাহত আছে কৰোনাৰ দ্রুত সংক্রমণ ৷
ক্রমাৎ ভয়াৱহ ৰূপ লোৱা ক’ৰোনাৰ সংক্রমণত পুনৰ শুকুৰবাৰে ৭৬জন লোকৰ মৃত্যু হৈছে ৷
শনিবাৰে কোভিড পৰিস্থিতি বুজ ল’বলৈ তিনিচুকীয়ালৈ যায় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।
মুখ্যমন্ত্ৰীগৰাকীয়ে তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয়ত ICU ৰ বিচনা ২০ খনলৈ বৃদ্ধি কৰাৰ বাবে ঘোষণা কৰে।
তিনিচুকীয়াত ১২ বজাৰ পৰা সান্ধ্য আইন ঘোষণা কৰাৰ বাবে পৰামৰ্শ দিয়ে জিলা উপায়ুক্তক ।
অক্সিজেন জেনেৰেশ্বন ইউনিট নিৰ্মানৰ সিদ্ধান্তৰ কথা মন্তব্য কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।
জিলাখনৰ পৰিস্থিতি বেয়া হলে বাগিচা সমূহত কণ্টেনমেণ্ট জ’ন ঘোষনা কৰাৰ আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে।
আৰু পঢ়কঃযোৰহাটত কোভিড SOP ভংগ কৰি সুৰাৰ ৰাগীত মাতাল কনিষ্ঠ চিকিৎসকদ্বয়
আলফা (স্বা) তিনিমাহৰ কাৰণে যুদ্ধবিৰতি ঘোষনা কৰাৰ সন্দৰ্ভত কোনোধৰণৰ মন্তব্য প্ৰদান কৰা নাই মুখ্যমন্ত্ৰীয়ে । কিন্তু শান্তি বৰ্তাৰ ৰাখিবলৈ সকলোকে তেওঁ আহ্বান জনায়।
ডিগবৈৰ ঘটনাক সন্দৰ্ভত তদন্ত কৰি দুখীক শাস্তি প্ৰদান কৰা হ’ব বুলি উল্লেখ কৰে।
লগতে অ’ এন জিচি বিষয়া ৰিতুল শইকীয়া সন্দৰ্ভত তেওঁ কয় যে ৰিতুল শইকীয়া ম্যানমাৰত আছে।
সুস্থ আৰু সুৰক্ষিত হৈ আছে ৰিতুল শইকীয়া। যিসকলে ৰিতুল শইকীয়াক ৰাখি থৈছে মুকলি কৰি দিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।