গুৱাহাটী : ৰাজ্যখনৰ বিভিন্ন প্রান্তত সোমবাৰে নিশা হােৱা প্রচণ্ড ধুমুহাৰ ফলত ক্ষতিগ্রস্ত হােৱা পৰিয়ালসমূহক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ বিষয়টোৰ সন্দৰ্ভত মুখ্য সচিবৰ দৃষ্টি আকর্ষণ কৰিলে মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে। মঙলাবাৰে এক বিবৃতিযােগে মুখ্যমন্ত্ৰী সৰ্বানন্দ সােণােৱালে কয় যে ধুমুহাৰ ফলত ৰাজ্যখনৰ কেইবাখনাে জিলাৰ বহুসংখ্যক লােক ক্ষতিগ্রস্ত হ’বলগীয়া হৈছে।
এই লােকসকলে যাতে শীঘ্ৰে ক্ষতিপূৰণ লাভ কৰিব পাৰে, তাৰ বাবে যথােচিত পদক্ষেপ লােৱাৰ বাবে বিষয়টো মুখ্যমন্ত্ৰীয়ে মুখ্য সচিবৰ দৃষ্টিগােচৰ কৰে। আনহাতে, নির্বাচনী দায়িত্ব পালন কৰিবলৈ গৈ ডিমা হাচাও জিলাৰ ডিকেটচৰাত দুর্ঘটনাত পতিত হৈ এগৰাকী হােমগার্ডৰ জোৱানৰ লগতে বাছৰ চালক এজন নিহত হােৱা ঘটনাত গভীৰ শােক প্রকাশ কৰিছে মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে।
লগতে দুর্ঘটনাত আঘাতপ্রাপ্তসকলক উপযুক্ত চিকিৎসা প্রদানৰ ক্ষেত্ৰতাে যথােপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবেও তেওঁ বিষয়টো ৰাজ্যৰ মুখ্য সচিবৰ দৃষ্টিগােচৰ কৰে। এক শােকবার্তাত মুখ্যমন্ত্ৰীয়ে দুর্ঘটনাত নিহতসকলৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে আহতসকলৰ আশু আৰােগ্য কামনা কৰে।