নিউজ ডেস্ক: গুৱাহাটীৰ শিশু নিৰ্যাতনৰ কাণ্ডক লৈ অভিযুক্ত ডাঃ সংগীতা দত্ত আৰু ডাঃ ৱালিউল ইছলামৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ বিষয়ে গুৰুত্বপূৰ্ণ প্ৰতিক্ৰিয়া আগবঢ়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
আজি জনতা ভৱনত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী কয় যে, শিশু নিৰ্যাতনৰ বিষয়টো তেওঁ নিজে চাই আছোঁ। তেওঁ লগতে কয়, এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক এখন বিশেষ সুকীয়া বিচাৰপীঠ বিচাৰি পত্ৰ লিখিব।
উক্ত PCOSO গোচৰটো ছমাহৰ ভিতৰত যাতে এই বিষয়টোৰ ৰায়দান হয় তাৰ ব্যৱস্থা কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাই।
লগতে পঢ়ক – মণিপুৰত বাহৰ পাতিছে অসম আৰক্ষীৰ ৪ জনীয়া দল, অসমৰ লোকক সহায়ৰ বাবে