গুৱাহাটী : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত ভিডিঅ’কনফাৰেন্সৰ জৰিয়তে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে আগন্তুক বাৰিষাৰ পৰিপ্ৰেক্ষিতত জিলা প্রশাসনসমূহে গ্ৰহণ কৰা বান ব্যৱস্থাপনাৰ সবিশেষ পর্যালােচনা কৰে। বৈঠকত মুখ্যমন্ত্ৰীয়ে সম্ভাব্য বানপানীৰ প্রতি লক্ষ্য ৰাখি আগন্তুক ১০ দিনৰ ভিতৰত বিপদসঙ্কুল মথাউৰিসমূহ শক্তিশালীকৰণৰ কাম সম্পূর্ণ কৰাৰ বাবে জলসম্পদ বিভাগক নির্দেশ দিয়ে। এই ক্ষেত্ৰত উপায়ুক্ত, জলসম্পদ বিভাগ, জিলা গ্রামীণ অভিকৰণ আৰু লােকনির্মাণ আদি বিভাগক যৌথভাৱে কাম কৰাৰ বাবেও মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে।

বানৰ সময়ত উদ্ধাৰ, সাহায্য ইত্যাদি ক্ষিপ্রভাৱে যাতে সম্পন্ন কৰিব পৰা যায় তাৰ বাবে আগতীয়াকৈ সকলাে ব্যৱস্থা সাজু ৰখাৰ বাবে জিলা উপায়ুক্তকসকলক মুখ্যমন্ত্ৰীয়ে বৈঠকতে নির্দেশ দিয়ে। বানৰ সময়ছােৱাত যাতে চক্ৰ বিষয়াসকলে তাৎক্ষণিকভাৱে বানাক্ৰান্তসকলক সকলােধৰণৰ সহায় আগবঢ়াব পাৰে তাৰ বাবে চক্ৰ বিষয়াসকলক নিজৰ সদৰ স্থানত থকাতাে বাধ্যতামূলক কৰাৰ পদক্ষেপ ল’বলৈ উপায়ুক্তসকলক মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে। তদুপৰি, ৰাজ্যখনৰ যিসমূহ ৰাজহ চক্ৰত চক্ৰ বিষয়াৰ পদবী খালী হৈ আছে সেই পদবীসমূহত শীঘ্ৰে বিষয়াসকলক নিয়ােজিত কৰাৰ ব্যৱস্থা ল’বলৈও ৰাজহ বিভাগক তেওঁ নির্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে।

বানৰ বাবে আশ্রয় শিৱিৰত আশ্রয় গ্রহণ কৰিবলগীয়া বানাক্ৰান্তই ঘৰলৈ উভতি যােৱাৰ সময়ত যাতে প্রয়ােজনীয় সামগ্রী তাৎক্ষণিকভাৱে ক্ৰয় কৰিব পাৰে তাৰ বাবে ৩৮০০ টকাকৈ ক্ষিপ্রভাৱে প্ৰদানৰ ব্যৱস্থা ল’বলৈও উপায়ুক্তসকলক মুখ্যমন্ত্ৰীয়ে নির্দেশ প্রদান কৰে। বানত ক্ষতিগ্রস্ত ক্রিটিকেল ইনফ্রাস্ট্রাকচাৰসমূহ যাতে তাৎক্ষণিকভাৱে মেৰামতি কৰি কার্যক্ষম কৰিব পৰা যায় এই ক্ষেত্ৰত প্রয়ােজনীয় পদক্ষেপ ল’বলৈও উপায়ুক্তসকলক মুখ্যমন্ত্ৰীয়ে বৈঠকতে নির্দেশ দিয়ে। বানপানীৰ সময়ত আশ্রয় শিৱিৰসমূহত থকা বানাক্ৰান্তই যাতে উপযুক্ত চিকিৎসা সেৱা লাভ কৰিব পাৰে সেই দিশত সহায়ক হােৱাকৈ প্রয়ােজনীয় চিকিৎসক, নাৰ্ছ আদিৰ ব্যৱস্থা কৰিবলৈও মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে।

আৰি পঢ়কঃ দৰংত অস্ত্ৰ-শস্ত্ৰ আৰু সামৰিক বাহিনীৰ পোছাকসহ গ্ৰেপ্তাৰ দুই যুৱক

ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে বান ব্যৱস্থাপনাৰ পর্যালােচনা কৰাৰ সময়ত স্বাস্থ্য মন্ত্রী কেশৱ মহন্ত, ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্রী যােগেন মহন, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্তমল্ল বৰুৱা, মুখ্য সচিব জিষ্ণু বৰুৱা, আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্ত, মুখ্যমন্ত্রী প্রধান সচিব সমীৰ কুমাৰ সিনহাৰ উপৰি বিভিন্ন বিভাগৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,884 other subscribers

Leave a comment

Leave a Reply