মৰিগাঁও : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি পত্নী ৰিনিকি ভূঞা শৰ্মাক লগত লৈ শ্ৰী শ্ৰী বটদ্ৰৱা থান ভ্ৰমন কৰে ৷
কাৰ্য্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা যোৱা তিনিমহীয়া কাৰ্য্যকালত দুবাৰকৈ বটদ্ৰৱা থানত উপস্থিত হৈ নিৰ্মীয়মাণ ঐতিহাসিক “বটদ্ৰৱা প্ৰকল্প”ৰ নিৰ্মাণৰ কামৰ অগ্ৰগতিৰ বুজ লৈ অনাগত দিনৰ প্ৰকল্প ভাগ নিৰ্মাণৰ কাৰ্য্যৱলীৰ ওপৰত বিভাগীয় বিষয়া সকলৰ লগত আলোচনা কৰে তথা কামৰ তদাৰক কৰে ৷
মুখ্যমন্ত্ৰীৰ ব্যক্তিগত উদ্যোগ আৰু তৎপৰতাত গুৰুজনাৰ জন্মস্থানৰ মনিকূট, কীৰ্তনঘৰ আৰু নাটঘৰৰ মজিয়া আৰু চিলিং উন্নয়ণ, বৈদ্যুতিকৰণৰ কামৰ শুভাৰম্ভণি কৰে। অসমীয়া জাতিৰ জনক জগত গুৰুজনাৰ জন্মস্থানত বিশেষকৈ পৰ্য্যটন ক্ষেত্ৰৰ বিকাশ, গুৰুদুজনাৰ ঐতিহ্যময় আধ্যাত্মিক কলাৰ প্ৰচাৰ, প্ৰসাৰৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গ্ৰহন কৰা ভৱিষ্যতৰ দীৰ্ঘম্যাদী পৰিকল্পনাৰ অংশ হিচাপে অসমীয়া জাতিৰ মণিকূট স্বৰূপ, জগতগুৰু শ্ৰীমন্ত শংকৰ গুৰুজনাৰ স্মৃতি বিজড়িত ঐতিহাসিক তথা আধ্যাত্মিক ক্ষেত্ৰ ভাগৰ উন্নয়ণৰ বাবে নিৰ্মাণকাৰ্য্য শুভাৰম্ভ কৰে।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত প্ৰচেষ্টাত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ ঐতিহাসিক সম্পদ স্বৰূপ মণিকূট, কীৰ্তনঘৰ আৰু নাটঘৰটোৰ আন্তঃগাঁথনি নিৰ্মাণ মজবুত আৰু নিকপকপীয়া কৰাৰ প্ৰয়াস হিচাপে তিনিও স্থানৰ মজিয়াত মাৰ্বল লগোৱাৰ লগতে আধুনিক প্ৰযুক্তিগত চিলিং নিৰ্মাণ আৰু উন্নত মানৰ বৈদ্যুতিকৰণৰ কামখিনি কৰিবৰ বাবে আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে।
লগতে পঢ়ক CAA, NRC-ৰ সৈতে হিন্দু-মুছলিম বুলি কোনো কথা নাই; গুৱাহাটীত RSS প্ৰধানৰ মন্তব্য