গুৱাহাটীঃ ১ ফেব্ৰুৱাৰী মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ওপজা দিন। আজি ৫৪ বছৰত ভৰি দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।
নিজৰ ওপজা দিনটোত পুৱাৰ ভাগতে মুখ্যমন্ত্ৰী উপস্থিত হয় উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰত। মন্দিৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে ভগৱানৰ আশীষ লয়। মুখ্যমন্ত্ৰী গৰাকীৰ উপস্থিতিত দৌল গোবিন্দ মন্দিৰত ব্যাপক ভিৰ পৰিলক্ষিত হয়। স্থানীয় মহিলা সকলে নিজ হাতৰে কেক বনাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ওপজা দিনৰ শুভেচ্ছা জ্ঞাপন কৰে।
মুখ্যমন্ত্ৰী গৰাকীৰ ওপজা দিন উদযাপনৰ বাবে জালুকবাৰী সমষ্টিত ব্যাপক প্ৰস্তুতি চলাইছে সমষ্টিবাসীয়ে। তিনিদিনীয়া কাৰ্যসূচীৰে পাণ্ডু-মালিগাঁৱৰ ৰাইজে মুখ্যমন্ত্ৰীৰ ওপজা দিন পালন কৰিব।
লগতে পঢ়কঃলোকসংস্কৃতিৰ সাধক বিপুল চেতিয়া ফুকনলৈ ২০২২ বৰ্ষৰ গণ গৌৰৱ বঁটা
সন্ধিয়াৰ ভাগত মুখ্যমন্ত্ৰী গৰাকীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে মালিগাঁৱৰ ৰেষ্ট কেম্প কালিবাৰীত এক যজ্ঞ অনুষ্ঠিত কৰা হৈছে। যজ্ঞত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।
আদাবাৰী তিনিআলিস্থিত অটল উদ্যানত জন্মদিনৰ কাৰ্যসূচীত উপস্থিত থাকি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজৰ লগত মত বিনিময় কৰিব।
তিতাবৰৰ চাংছোৱা গাঁৱত ভাগৱত পাঠেৰে উদযাপন মুখ্যমন্ত্ৰীৰ জন্মদিন। ৰাজ্যৰ প্রান্তে প্রান্তে মুখ্যমন্ত্ৰী গৰাকীৰ ওপজা দিন উদযাপনৰ ব্যাপক প্ৰস্তুতি চলা পৰিলক্ষিত হ’ল।