আমগুৰিঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি উদ্বোধন কৰিব উত্তৰ–পূৰ্বাঞ্চলৰ ভিতৰতে সৰ্ববৃহৎ আমগুৰি সৌৰশক্তি প্ৰকল্প। মুখ্যমন্ত্ৰী গৰাকী দিনৰ ১বাজি ৩০ মিনিটত আমগুৰিত উপস্থিত হৈ সৌৰ প্ৰকল্পটো উদ্ধোধন কৰিব। ইয়াৰ পাছতেই তেওঁ আমগুৰিৰ জ্ঞানবিকাশ বিদ্যাপীঠৰ খেলপথাৰত আয়োজিত এক ৰাজহুৱা সভাত অংশ ল’ব।
এই সৌৰ প্ৰকল্প ৭০মেগাৱাটৰ যদিও প্ৰথমে ১০ মেগাৱাট সৌৰশক্তি উৎপাদনৰে আৰম্ভ হ’ব প্ৰকল্পৰ কাম ৷
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে ১৯৯০ চনৰ ২১ নৱেম্বৰত মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই আমগুৰিৰ লালিমচাপৰিত তাপ বিদ্যুত প্ৰকল্পৰ বাবে আধাৰ শিলা স্থাপন কৰিছিল যদিও বিভিন্ন কাৰণত প্ৰকল্পটো হৈ নুঠিল৷ ইয়াৰ পিছতে অসমত বিজেপিৰ মিত্ৰজোঁট চৰকাৰ অহা পাছত আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকাই শক্তি প্ৰকল্পটো সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে।
ইফালে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদে (উৎপাদন) তাপ বিদ্যুৎ প্ৰকল্পটো সৌৰ শক্তি প্ৰকল্পলৈ পৰিৱৰ্তন কৰাৰ পাছত ২০১৯ চনৰ ২৭ ফেব্ৰুৱাৰীত তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সৌৰশক্তি প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰে। অৱশেষত আধাৰশিলা স্থাপনৰ ৩ বছৰৰ ভিতৰতে সম্পূৰ্ণ হৈ উঠে এই সৌৰশক্তি প্ৰকল্পটো। সৌৰশক্তি প্ৰকল্পটোৰ নিৰ্মাণৰ দায়িত্বত আছিল জেকচন নামৰ এটা দিল্লীৰ কোম্পানী।